ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত প্ৰচণ্ড শীতে একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ ৰূমত কয়লা জ্বলাই ৭গৰাকী লোকে হেৰুৱালে প্ৰাণ। প্ৰাপ্ত খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ অমৰোহা জিলাত এটা পৰিয়ালে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা কয়লা জ্বলাই টোপনি গৈছিল। কিন্তু কয়লাৰ পৰা ওলোৱা ধোঁৱাই পিছৰাতি সমগ্ৰ ঘৰৰ ভিতৰটো আগুৰি ধৰে যাৰ ফলত শোৱাপাটিতে উশাহ লব নোৱাৰি পৰিয়ালটোৰ ৫টিকৈ শিশুৰ মৃত্যু হৈছে। ইফালে দুগৰাকী লোকৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।
অমৰোহা জিলাৰ আল্লীপুৰ ভুড় গাঁৱত সংঘটিত এই ঘটনাক লৈ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও শোক প্ৰকাশ কৰিছে। ঘৰটোৰ ভিতৰৰ পৰা প্ৰচণ্ড ধোঁৱা ওলোৱা দেখি ওচৰ চুবুৰীয়াই গৈ পোৱাতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। চুবুৰীয়াই ৫টিকৈ শিশু মৃত হিচাপে উদ্ধাৰ কৰাৰ লগতে পৰিয়ালটোৰ অন্য লোকক অচেতন অৱস্থাত উদ্ধাৰ কৰে।
আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তথ্যত পোহৰলৈ অহা তথ্য অনুসৰি, কয়লাৰ প্ৰচণ্ড ধোঁৱাত অক্সিজেনৰ অভাৱৰ বাবেই এই ৫টিকৈ শিশুৰ মৃত্যু হৈছে। আৰক্ষীয়ে সম্পূৰ্ণ তদন্ত কৰাৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব বুলি সংবাদমাধ্যমৰ সন্মুখত মত প্ৰদান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ