• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক

প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক

3 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

12 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

14 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

14 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

15 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

16 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

17 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

18 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

18 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

19 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক

editor by editor
July 14, 2023
in জীৱনশৈলী, ভাৰত
0
প্ৰেমৰ টানত ভাৰতলৈ অহা পাকিস্তানৰ বোৱাৰী সীমাক লৈ চৰ্চা! সীমা পাকিস্তানলৈ উভতি নগ’লে ২৬/১১ ৰ পুনৰাবৃত্তি হ’ব বুলি ধমকি মুম্বাই আৰক্ষীক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমৰ টানত ভাৰতত প্ৰৱেশ কৰা সীমা হাইদৰক লৈ দেশজুৰি চলিছে চৰ্চা। কোনোৱে যদি কৈছে সীমা আইএছআইৰ এজেণ্ট, কোনোৱে আকৌ কৈছে তেওঁ এগৰাকী সাধাৰণ গৃহবধু। শেহতীয়াভাৱে সীমাৰ পূৰ্বৰ স্বামীয়েও সীমাক পাকিস্তানলৈ ওভটাই পঠিয়াবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰক। ইপিনে সীমাক যদি পাকিস্তানলৈ উভতাই পঠিওৱা নহয় তেন্তে ২৬/১১ৰ পুনৰাবৃত্তি হ’ব বুলিও ধমকি দিছে পাকিস্তানৰ একাংশ লোকে। এই ধমকি লাভ কৰিছে মুম্বাই আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰল ৰুমে। বুধবাৰে নিশা ফোন কৰি উৰ্দু ভাষাতেই এই ধমকি দিছে বুলি আৰক্ষী সূত্ৰই জনাইছে।

আৰক্ষীয়ে জনোৱা অনুসৰি বুধবাৰে নিশা মুম্বাই আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰল ৰুমত ফোন কৰিছিল কোনো অজ্ঞাত ব্যক্তিয়ে। ফোন কৰি উৰ্দু ভাষাত ধমকি দিছে অজ্ঞাত ব্যক্তিয়ে। উৰ্দু ভাষাত সেই অজ্ঞাত ব্যক্তিয়ে কয়, ‘সীমাক পাকিস্তান পঠিয়াই নিদিলে কথা বেয়া হ’ব। মুম্বাইত আকৌ আক্ৰমণ চলোৱা হ’ব। মুম্বাইয়ে ২৬/১১ৰ সেই দিন দেখিবলৈ আকৌ এবাৰ সাঁজু হওক। ইয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ দায়ী হ’ব।’ এই কথাখিনি কৈয়েই ফোন কাটি দিয়ে অজ্ঞাত ব্যক্তিজনে।

ফোন কাটি যোৱাৰ পাছতেই ঘটনাৰ তদন্তত নামি পৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখা। মুম্বাই আৰক্ষীৰ তৰফৰ পৰা জনোৱা অনুসৰি ট্ৰেফিক কণ্ট্ৰল ৰুমত মাজে মাজে এনেধৰণৰ ধমকি আহিয়েই থাকে। সেয়ে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সীমাক বিষয়টো লৈ বাৰে বাৰে সংবাদমাধ্যমে প্ৰশ্ন কৰিছে যদিও সীমাই এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। বৃহস্পতিবাৰে এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া মন্তব্যত তেওঁ মৰি গ’লেও পাকিস্তান ঘূৰি নাযায় বুলি মন্তব্য কৰিছে। তেওঁ কোনো কাৰণতে শচীনক এৰিবলৈ প্ৰস্তুত নহয়। যদি ইয়াৰবাবে মৃত্যুকো সাবটিব লগা হয় তেন্তে তেওঁ তাৰ বাবে সাজু বুলিও জনায়। তেওঁক পাকিস্তানলৈ উভতাই দিলে পাকিস্তানৰ প্ৰশাসনে তেওঁক হত্যা কৰিব বুলিও জনাই সীমাই।

২০১৯ চনত পাকিস্তানত থাকোতে পাবজী খেলাৰ মাধ্যমেৰে নয়ডাৰ ২২ বছৰীয়া যুৱক শচীনৰ সৈতে তেওঁ চিনাকি হয়। প্ৰথমে আলাপ। আলাপতেই ঘনিষ্ঠতা বাঢ়ে। সীমাৰ ৰাজমিস্ত্ৰী স্বামী হাইদৰ ছৌদিৰ বাসিন্দা। সন্তানকেইটাক লৈ ঘৰত অকলেই থাকে সীমা। সীমাৰ একাকিত্বৰ সেই সময়তেই সীমাৰ জীৱনত প্ৰেমৰ বাৰ্তা লৈ প্ৰৱেশ কৰে শচীনে। সেই একাকিত্বৰ ভাৱেই সীমাৰ মনতো শচীনৰ প্ৰতি প্ৰেমভাৱ জগাই তোলে। অৱশেষত বহু পৰিকল্পনাৰ অন্তত তেওঁ ভাৰতত প্ৰৱেশ কৰে। লগত লৈ আহে চাৰিটাকৈ সন্তান। প্ৰেমৰ বাবেই চাৰি সন্তানক লগত লৈ জীৱনটো মুঠিতে লৈ ভাৰতত প্ৰৱেশ কৰে সীমাই। নেপাল হৈ গোপনে ভাৰতত প্ৰৱেশ কৰে সীমাই। কিছুদিন নেপালত থাকি ভাৰতলৈ অহা সীমা কিন্তু ভাৰতীয় সেনাৰ হাতত ধৰা পৰে। বিগত ৪ জুলাইত সীমাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পেছাত এজন সাধাৰণ দিনহাজিৰা কৰা কৰ্মী প্ৰেমিক শচীনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সীমাক আশ্ৰয় দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হয় শচীনৰ পিতৃও। সীমা, শচীন, শচীনৰ পিতৃৰ ওপৰিও জে’লত থাকে সীমাৰ ৪ সন্তানো। বিগত শুকুৰবাৰে সীমা-শচীনৰ পৰিয়ালটোক মুকলি কৰি দিছে ভাৰতীয় সেনাই।

জে’লৰ পৰা ওলোৱাৰ পাছতেই শচীন আৰু সীমাক লৈ সমগ্ৰ দেশতেই চলিছে চৰ্চা। সীমা আৰু শচীন, জে’লৰ পৰা বাহিৰলৈ ওলাইয়েই সীমাই কয়, প্ৰেমৰ বাবেই তেওঁ হিন্দুও হৈছে। তেওঁ আৰু কোনো কাৰণতে পাকিস্তানলৈ উভতি নাযায়। অন্তৰেৰে তেওঁ ভাৰতীয় সংস্কৃতি গ্ৰহণ কৰিছে। হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। শচীনৰ পৰিয়ালৰ কথা ভাৱিয়েই নিৰামিষ খাদ্যও খাবলৈ আৰম্ভ কৰিছে সীমাই। পাকবধু সীমাই জনোৱা অনুসৰি, তেওঁ প্ৰেমিকৰ সৈতে ভাৰতত নতুন সংসাৰ আৰম্ভ কৰিব বিচাৰে।

সীমাই ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত কয় যে তেওঁ আৰু পাকিস্তানী স্বামীৰ কাষলৈ কোনো কাৰণকে নাযায়। স্বামী গোলামে তেওঁৰ ওপৰত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই আহিছে। অন্যহাতে গোলামে ভিডিঅ’ৰ মাধ্যমেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁৰ সন্তানকেইটা উভতাই দিবলৈ আহ্বান জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

মোদী ফ্ৰান্সলৈ যোৱাৰ আঁৰত এইকেইটা উদ্দেশ্য, দেশবাসীয়ে অচিৰেই লাভ কৰিব ভাল খবৰ!

পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

পাঁচ মাহৰ ভিতৰত আজি অষ্টমটো চিতাৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ ওপজা দিনত কুন্নো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৮ চিতাই সাবটিলে মৃত্যুক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.