অসম লাইভ২৪ঃ প্ৰেমৰ টানত ভাৰতত প্ৰৱেশ কৰা সীমা হাইদৰক লৈ দেশজুৰি চলিছে চৰ্চা। কোনোৱে যদি কৈছে সীমা আইএছআইৰ এজেণ্ট, কোনোৱে আকৌ কৈছে তেওঁ এগৰাকী সাধাৰণ গৃহবধু। শেহতীয়াভাৱে সীমাৰ পূৰ্বৰ স্বামীয়েও সীমাক পাকিস্তানলৈ ওভটাই পঠিয়াবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰক। ইপিনে সীমাক যদি পাকিস্তানলৈ উভতাই পঠিওৱা নহয় তেন্তে ২৬/১১ৰ পুনৰাবৃত্তি হ’ব বুলিও ধমকি দিছে পাকিস্তানৰ একাংশ লোকে। এই ধমকি লাভ কৰিছে মুম্বাই আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰল ৰুমে। বুধবাৰে নিশা ফোন কৰি উৰ্দু ভাষাতেই এই ধমকি দিছে বুলি আৰক্ষী সূত্ৰই জনাইছে।
আৰক্ষীয়ে জনোৱা অনুসৰি বুধবাৰে নিশা মুম্বাই আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰল ৰুমত ফোন কৰিছিল কোনো অজ্ঞাত ব্যক্তিয়ে। ফোন কৰি উৰ্দু ভাষাত ধমকি দিছে অজ্ঞাত ব্যক্তিয়ে। উৰ্দু ভাষাত সেই অজ্ঞাত ব্যক্তিয়ে কয়, ‘সীমাক পাকিস্তান পঠিয়াই নিদিলে কথা বেয়া হ’ব। মুম্বাইত আকৌ আক্ৰমণ চলোৱা হ’ব। মুম্বাইয়ে ২৬/১১ৰ সেই দিন দেখিবলৈ আকৌ এবাৰ সাঁজু হওক। ইয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ দায়ী হ’ব।’ এই কথাখিনি কৈয়েই ফোন কাটি দিয়ে অজ্ঞাত ব্যক্তিজনে।
ফোন কাটি যোৱাৰ পাছতেই ঘটনাৰ তদন্তত নামি পৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখা। মুম্বাই আৰক্ষীৰ তৰফৰ পৰা জনোৱা অনুসৰি ট্ৰেফিক কণ্ট্ৰল ৰুমত মাজে মাজে এনেধৰণৰ ধমকি আহিয়েই থাকে। সেয়ে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সীমাক বিষয়টো লৈ বাৰে বাৰে সংবাদমাধ্যমে প্ৰশ্ন কৰিছে যদিও সীমাই এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। বৃহস্পতিবাৰে এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া মন্তব্যত তেওঁ মৰি গ’লেও পাকিস্তান ঘূৰি নাযায় বুলি মন্তব্য কৰিছে। তেওঁ কোনো কাৰণতে শচীনক এৰিবলৈ প্ৰস্তুত নহয়। যদি ইয়াৰবাবে মৃত্যুকো সাবটিব লগা হয় তেন্তে তেওঁ তাৰ বাবে সাজু বুলিও জনায়। তেওঁক পাকিস্তানলৈ উভতাই দিলে পাকিস্তানৰ প্ৰশাসনে তেওঁক হত্যা কৰিব বুলিও জনাই সীমাই।
২০১৯ চনত পাকিস্তানত থাকোতে পাবজী খেলাৰ মাধ্যমেৰে নয়ডাৰ ২২ বছৰীয়া যুৱক শচীনৰ সৈতে তেওঁ চিনাকি হয়। প্ৰথমে আলাপ। আলাপতেই ঘনিষ্ঠতা বাঢ়ে। সীমাৰ ৰাজমিস্ত্ৰী স্বামী হাইদৰ ছৌদিৰ বাসিন্দা। সন্তানকেইটাক লৈ ঘৰত অকলেই থাকে সীমা। সীমাৰ একাকিত্বৰ সেই সময়তেই সীমাৰ জীৱনত প্ৰেমৰ বাৰ্তা লৈ প্ৰৱেশ কৰে শচীনে। সেই একাকিত্বৰ ভাৱেই সীমাৰ মনতো শচীনৰ প্ৰতি প্ৰেমভাৱ জগাই তোলে। অৱশেষত বহু পৰিকল্পনাৰ অন্তত তেওঁ ভাৰতত প্ৰৱেশ কৰে। লগত লৈ আহে চাৰিটাকৈ সন্তান। প্ৰেমৰ বাবেই চাৰি সন্তানক লগত লৈ জীৱনটো মুঠিতে লৈ ভাৰতত প্ৰৱেশ কৰে সীমাই। নেপাল হৈ গোপনে ভাৰতত প্ৰৱেশ কৰে সীমাই। কিছুদিন নেপালত থাকি ভাৰতলৈ অহা সীমা কিন্তু ভাৰতীয় সেনাৰ হাতত ধৰা পৰে। বিগত ৪ জুলাইত সীমাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পেছাত এজন সাধাৰণ দিনহাজিৰা কৰা কৰ্মী প্ৰেমিক শচীনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সীমাক আশ্ৰয় দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হয় শচীনৰ পিতৃও। সীমা, শচীন, শচীনৰ পিতৃৰ ওপৰিও জে’লত থাকে সীমাৰ ৪ সন্তানো। বিগত শুকুৰবাৰে সীমা-শচীনৰ পৰিয়ালটোক মুকলি কৰি দিছে ভাৰতীয় সেনাই।
জে’লৰ পৰা ওলোৱাৰ পাছতেই শচীন আৰু সীমাক লৈ সমগ্ৰ দেশতেই চলিছে চৰ্চা। সীমা আৰু শচীন, জে’লৰ পৰা বাহিৰলৈ ওলাইয়েই সীমাই কয়, প্ৰেমৰ বাবেই তেওঁ হিন্দুও হৈছে। তেওঁ আৰু কোনো কাৰণতে পাকিস্তানলৈ উভতি নাযায়। অন্তৰেৰে তেওঁ ভাৰতীয় সংস্কৃতি গ্ৰহণ কৰিছে। হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। শচীনৰ পৰিয়ালৰ কথা ভাৱিয়েই নিৰামিষ খাদ্যও খাবলৈ আৰম্ভ কৰিছে সীমাই। পাকবধু সীমাই জনোৱা অনুসৰি, তেওঁ প্ৰেমিকৰ সৈতে ভাৰতত নতুন সংসাৰ আৰম্ভ কৰিব বিচাৰে।
সীমাই ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত কয় যে তেওঁ আৰু পাকিস্তানী স্বামীৰ কাষলৈ কোনো কাৰণকে নাযায়। স্বামী গোলামে তেওঁৰ ওপৰত দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই আহিছে। অন্যহাতে গোলামে ভিডিঅ’ৰ মাধ্যমেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁৰ সন্তানকেইটা উভতাই দিবলৈ আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ