নিহতৰ সংখ্যা ১৬০০ অতিক্ৰম, ৩৪০০ৰো অধিক আহত, ভূমিকম্পত বিধ্বস্ত ম্যানমাৰ
শুকুৰবাৰে ২৮ মাৰ্চ ম্যানমাৰ আৰু চুবুৰীয়া দেশ থাইলেণ্ডৰ কিছু অংশত এক বৃহৎ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে। এই ভূমিকম্পত বিস্তৰ ক্ষতিসাধন হয় দুয়োখন দেশত। বহু লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু ঘৰ আদি ভাঙি যায় ।
প্ৰকাশ পোৱা তথ্য অনুসৰি, শনিবাৰে সন্ধিয়ালৈকে দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০০ অতিক্ৰম কৰে। কেৱল ম্যানমাৰতে ১৬৪৪ জন লোকৰ মৃত্যু। ভূমিকম্পৰ ফলত আহত হোৱা লোকৰ সংখ্যা ৩,৪০৮জন হোৱাৰ বিপৰীতে ১৩৯জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
দুয়োখন দেশত বিশেষকৈ ম্যানমানত বৰ্তমানে সকলোফালে কেৱল কান্দোনৰ দৃশ্য দেখা গৈছে।
উল্লেখ্য যে, শুকুৰবাৰে ম্যানমাৰ আৰু চুবুৰীয়া ৰাষ্ট্ৰ থাইলেণ্ডত ৭.৭ ৰিখটাৰৰ এক শক্তিশালী ভূমিকম্পই অট্টালিকা, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন কৰে। তাৰ পাচত ৭ ৰিখটাৰ স্কেৰ আন এক আফটাৰ শ্বক আহে। ইয়াৰ উপৰি আন কেইবাটাও ৫ পইণ্ট আৰু ৪ পইণ্টৰ ভূমিকম্প আহে। এই ভূমিকম্পত পূব ভাৰতৰ লগতে চীনৰ কিছু অংশতো এই কম্পন অনুভূত৩ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ