উত্তৰ কোৰিয়াত ৰাষ্ট্ৰীয় লকডাউন ঘোষণা কৰিছে একনায়কত্ববাদী শাসক কিম জং উনে৷ দেশখনত কোভিড সংক্ৰমণৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে শাসক কিম জং উনে এই নিৰ্দেশনা জাৰি কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ যোৱা ৮ মে’ত দেশখনৰ ৰাজধানীত নমুমা সংগ্ৰহ কৰি পৰীক্ষাৰ কৰাৰ পিছতে পিয়ংয়ঙত কোভিডৰ অ’মিক্ৰণ ভেৰিয়েণ্ট ধৰা পৰিছে৷
কোভিড পৰীক্ষা ইয়াৰ পিছতে শাসক কিমে বৃহস্পতিবাৰে পাৰ্টিৰ ৰাষ্ট্ৰীয় পলিটব্যুৰ বৈঠক আহ্বান কৰি দেশখনত ৰাষ্ট্ৰজোৰা লকডাউন বলৱৎ আৰু চিকিৎসা সামগ্ৰী মজুতকৰণ, যোগান আৰু বিতৰণ সম্পৰ্কীয় কেবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷
লগতে পঢ়ক চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ
দেশখনত কোভিড সংক্ৰমণে ধৰাৰ পৰা পিছতে ভয়াৱহ সংকটে দেখা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াৰ স্বাস্থ্য খণ্ড অতিকৈ শোচনীয় আৰু আন্তঃগাঁথনি তথৈৱচ৷ দেশখনৰ শোচনীয়া স্বাস্ব্য খণ্ডই মহামাৰীৰ সৈতে কেনেকৈ মোকাবিলা কৰিব তাকেলৈ বিশ্বজুৰি দুঃচিন্তা আৰম্ভ হোৱা দেখা গৈছে৷
ইফালে দেশখনৰ শাসক কিম জং উনে কোভিড প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা কোনো সঁহাৰি গ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছিল৷ মিত্ৰ দেশ বুলি চৰ্চা লাভ কৰি অহা চীনৰ পৰাও উত্তৰ কোৰিয়াই ভেকচিনৰ সাহায্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷
যাৰ ফলত দেশখনৰ অধিকাংশ লোকেই ভেকচিন গ্ৰহণ কৰা নাই বুলি ধাৰণা কৰা হৈছে৷ দেশখনে এতিয়াও যে বৰ্হিৰাষ্ট্ৰৰ পৰা চিকিৎসা সাহায্য গ্ৰহণ কৰিব সেয়া লৈ বিশ্ব সম্প্ৰদায় সন্দিহান হৈ আছে৷ দেশখনে কোভিড ভেকচিন গ্ৰহণ নকৰি দেশৰ সীমান্তৰ পথসমূহ সম্পূৰ্ণ বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
লগতে পঢ়ক বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই
ইফালে দেশখনত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে শাসক কিমে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথসমূহ বন্ধ কৰি কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থাও বলবৎ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও কিমে ২০২০ চনৰ জুলাই মাহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দক্ষিণ কোৰিয়াৰ সীমান্তৰ ওচৰৰ কায়েছঙত তিনি সপ্তাহৰ বাবে লকডাউন বলৱৎ কৰিছিল৷
আনহাতে, বিশ্ব স্বাস্থ্য সংস্থা(WTO)ৰ শেহতীয়া তথ্য অনুসৰি উত্তৰ কোৰিয়াৰ ২.৫ কোটি লোকৰ ভিতৰত ৬৪,২০৭ জন লোকে ৩১ মাৰ্চলৈকে ক’ভিড-১৯ পৰীক্ষা লাভ কৰিছিল যদিও তেওঁলোকৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল। কিন্তু এইবাৰ দেশখনত কোভিড সংক্ৰমণ ধৰা পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ