ডিজিটেল ডেস্কঃ বনভোজৰ যাত্ৰাৰ মাজতে আজি নলবাৰী ধনতোলাৰ এগৰাকী যুৱকৰ লগত দুৰ্ঘটনা সংঘটিত হয় । যাৰ বাবে যুৱক জন মৃত্যুক সাৱতি লব লগা হয় । ঘটনা অনুসৰি ৰবিবাবে নলবাৰীৰ ধনতোলাৰ প্ৰায় ২৭ বছৰীয়া যুৱক চন্দন কলিতা লগৰ বন্ধুবৰ্গৰ সতে ভূটান চকীলৈ বনভোজ যাত্ৰা কৰে ।
জানিব পৰা অনুসৰি বনভোজলৈ যোৱা বাহন খনৰ ওপৰত চাউণ্ড বক্সৰ লগত চন্দন কলিতাই বহিছিল । বনভোজৰ আনন্দ উল্লাসত গৈ থকাৰ সময়তে হঠাত চন্দন কলিতা বাহনৰ ওপৰৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয় । যদিও ততাতিয়াকৈ যুৱক গৰাকীক চিকিৎসাৰ বাবে লৈ যোৱা হয় কিন্তু মাজ পথতে চন্দন কলিতাই মৃত্যুক আকোৱালি লয় ।
যুৱকৰ জনৰ মৃত্যুত অঞ্চলজুৰি এতিয়া গভীৰ শোকৰ ছাঁ’ৰ প্ৰভাৱ পৰিছে । উল্লেখ্য চন্দন কলিতা প্ৰায় ছয় মাহ পুৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ