নলবাৰীত টিহুত শোকাৱহ পথ দুৰ্ঘটনা।
টিউচনলৈ গৈ থাকোতে স্কুটিসহ নলাত পৰি মুত্যু এগৰাকী ছাত্ৰীৰ।
নিহত ছাত্ৰীগৰাকীৰ নাম ভাস্বতী কলিতা।
টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল ভাস্বতী।
টিহুৰ ৩ নং ৱাৰ্ডত সংঘটিত হয় এই দুৰ্ঘটনা।
ৰণাকুছি হেলচাপাৰা’ৰ বাপন কলিতাৰ কন্যা ভাস্বতী পুৱা টিউচনৰ পৰা উভতাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় ।
AS-14-N-1102 নম্বৰৰ স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰীগৰাকী নলাত সোমাই পৰে ।
নলাৰ পৰা উদ্ধাৰ কৰি নলবাৰীলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ