অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰানসীত এদল চিকিৎসকে পদত্যাগ কৰিছে। ২৮ গৰাকী চিকিৎসকে মুখ্য স্বাস্থ্য বিষয়াৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিছে। চিকিৎসকসকলে তেওঁলোকৰ ওপৰত মানসিক হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। চিকিৎসকসকলে ক’ৰোনা যুদ্ধত পর্যাপ্ত সেৱা আগ নবঢ়োৱা বুলি জিলা অতিৰিক্ত উপায়ুক্ত আৰু সহকাৰী নডেল বিষয়াই জাননী জাৰি কৰিছে। তেওঁলোকৰ বিৰুদ্ধে মোকর্দমা ৰুজু কৰাৰো ভাবুকি দিছে জাননীখনত। এনদৰে মানসিকভাৱে হাৰাশাস্তি চলোৱাত ক’ৰোনা যোদ্ধাসকলে সমূহীয়া পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ