অসম লাইভ২৪ঃ মানকাচৰৰ সুখচৰত দুই দৰিদ্ৰ কৃষকৰ পুত্ৰ উত্তীৰ্ণ হৈছে নীট পৰীক্ষাত। দিনহাজিৰা আৰু গাখীৰ বিক্ৰীৰে পুত্ৰৰ বাবে পিতৃয়ে উলিয়াইছিল পঢ়াৰ খৰচ। সৰ্বভাৰতীয় NEETত মানকাচৰৰ সুখচৰ অঞ্চলত দুগৰাকী দৰিদ্ৰ কৃষকৰ পুত্ৰ সুখ্যাতীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সুখচৰ এলেকাৰ ফাত্তাপাৰা গাঁৱৰ হাছিনুৰ ইছলামৰ পুত্ৰ আল ফাৰুক সৰ্বভাৰতীয় NEETত ৫৬৯ নম্বৰ পাই উত্তীৰ্ণ হৈছে হোৱাৰ লগতে ছুৰত জামাল শ্বেখৰ পুত্ৰ মফিয়াল আলম ৫৯৬ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
দুয়োগৰাকী মেধাবী ছাত্ৰ সুখচৰ জাতীয় বিদ্যালয়ৰ পৰা ৯০ শতাংশতকৈ অধিক নম্বৰ পাই মেট্ৰিকত উত্তীৰ্ণ হৈছিল। দুয়োৱেই আজমল ছুপাৰ-৪০ত হায়াৰচেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত নীট পৰীক্ষাৰ বাবে ক’চিং কৰে। আল ফাৰুকৰ পিতৃ হাছিনুৰ ইছলামে দিন হাজিৰা যেনেতেনে পেটেভাতে খাই আছে। ফাৰুকৰ তিনিও খুৰাকেহে পঢ়াৰ খৰচ বহন কৰিছিল ফাৰুকৰ। একেদৰে ছুৰুত জামাল শ্বেখ এগৰাকী কৃষক। তেওঁ কৃষিকাৰ্য কৰাৰ লগতে গৰুৰ গাখীৰ বিক্ৰী কৰি পুত্ৰ মফিয়াল আলমক পঢ়াৰ বাবে খৰচ যোগাৰ কৰি দিছিল। দুয়োগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰই বিগত বৰ্ষতো NEETত অৱতীৰ্ণ হৈছিল যদিও ফলাফল ভাল নোহোৱাত পুনৰ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হয়। দুয়োগৰাকীয়ে দ্বিতীয়বাৰত NEET ক্লেয়াৰ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ দুগৰাকীৰ সফলতাৰ বাবে সুখচৰ জাতীয় বিদ্যালয়ৰ পৰা দুয়োক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ