অসম লাইভ ২৪ঃ আজি দিল্লীত উপস্থিত হ’বহি লাভলীনা বৰগোহাঁই। টকিঅ’ত ব্ৰঞ্জ বিজয়িনী বক্সাৰগৰাকীক আদৰিবলৈ সাজু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আজি সন্ধ্যা দিল্লীৰ বিমানবন্দৰত উপস্থিত হ’ব টকিঅ’ত পদকবিজয়ী আটাইকেইগৰাকী ক্ৰীড়াবিদ। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষকে ধৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাজ্যৰ ক্ৰীড়া সংগঠন সকলোৱে অপেক্ষা কৰিছে ক্ৰীড়াবিদৰ উভতনি যাত্ৰালৈ। তদুপৰি, কন্যাক আদৰিবলৈ ইতিমধ্যে দিল্লীত উপস্থিত গৌৰাৱান্বিত পিতৃ টিকেন বৰগোঁহাই। লাভলীনাক দিল্লীত প্ৰথমে সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমকন্যাক আদৰিবলৈ পূৰ্ণোদ্যমে সাজু মুখ্যমন্ত্ৰীগৰাকী। অসমৰ তাৰকা ক্ৰীড়াবিদগৰাকীক উষ্ম আদৰণি জনাবলৈ সাজু বিভিন্ন ক্ৰীড়া সংগঠন, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি। উল্লেখ্য, ১১ আগষ্টত অসমত উপস্থিত হ’ব লাভলীনা বৰগোহাঁই। লাভলীনাৰ আদৰিবলৈ ৰাজ্য চৰকাৰে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। ৰাজ্য চৰকাৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ১২ আগষ্টত বৰপথাৰৰ নিজ গৃহত উপস্থিত হ’বগৈ লাভলীনা। লাভলীনাৰ আগমনক লৈ সম্প্ৰতি বৰপথাৰবাসীৰ মাজত উছাহৰ ঢল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















