অসম লাইভ ২৪ঃ কোভিডসৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈৰ পৰিচালিত আৰু ড০ সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত তুমি মালালাই ৫ খন মহোৎসৱত বিজয়ী হয়। ইয়াৰে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তুমি মালালাই বেষ্ট প্ৰযোজক বঁটা লাভ কৰাৰ উপৰি কাহিনী শিতানতো বঁটা লাভ কৰে। ইপিনে Druk আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে ব্যাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা আজুৰি আনিবলৈ সক্ষম হয়। DIFT, Caleidoscope Indian film festival of Boston-21 আৰু Indo French International Film festival -21 তো পাৰদৰ্শিতা বঁটা লাভ কৰে তুমি মালালাই। ইপিনে, যোৱা ৯ – ১৪ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱা ১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালাʼ বিশেষভাবে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে চলচ্চিত্ৰ মহোৎসৰ বিচাৰক মণ্ডলীয়ে। ʼতুমি মালালাʼত অংশ্ৰুতা কাশ্যপে ‘আমিনা’ৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই ‘নাডিয়া’ চৰিত্ৰৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়। ছবিখনৰ এনে সাফল্যত সুখী প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণ, পৰিচালক ৰূপক গগৈৰ লগতে ছবিখনত ওতঃপ্ৰোতভাবে জড়িত প্ৰতিগৰাকী ব্যক্তি। আনপিনে, Eurasia International Monthly Film festival-21 তো বিজয়ী হয় ‘তুমি মালালা’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















