যুৱতীৰ সৈতে কথা পাতিবলৈ লাজ কৰে নেকি? সম্পৰ্ক এটা আৰম্ভ কৰিবলৈ কি দৰে আগবাঢ়িব আপুনি, কি দৰে কথা পাতিব যুৱতীৰ সৈতে? ডেটিং টিউচন ল’ব পাৰে আপুনি৷ কিছুমান বিশেষ টিপচ গ্ৰহণ কৰিলে খুব কম সময়তে যুৱতীয়ে আপোনাকো আপোন কৰি ল’ব৷ এগৰাকী মডেলে দিব এইসমূহ টিপচ৷
ব্ৰিটেইনৰ এগৰাকী জনপ্ৰিয় মডেল৷ ডেটিং টিউচন, ৰিলেচনশ্বীপ ক’চিং ইণ্ডাষ্ট্ৰীৰ প্ৰশিক্ষক তেওঁ৷ যুৱকসকলৰ বাবে বিশেষ ক্লাচৰ ব্যৱস্থা কৰে যুৱতীগৰাকীয়ে৷ প্ৰতিটো ক্লাছৰ বিনিময়ত কিন্তু আদায় দিব লাগিব এক মোটা অংকৰ ধন৷ প্ৰতিঘণ্টাৰ ক্লাছৰ বিনিময়ত প্ৰশিক্ষকগৰাকীক দিব লাগিব ৩০ হাজাৰ টকা৷
মডেলগৰাকীৰ নাম কেজিয়া নোবেল৷ ক্লাছৰ উপৰি ইউটিউব চেনেলৰ জৰিয়তেও বিভিন্ ভিডিঅ’ আগবঢ়ায় কেজিয়াই৷ পুৰুষে কিদৰে মহিলাৰ সন্মুখত আত্মবিশ্বাসেৰে কথা পাতিব পাৰে সেই সম্পৰ্কেও বিশেষ টিপ্পনী প্ৰদান কৰে কেজিয়া নোবেলে৷ আপুনিও জইন কৰিব পাৰে কেজিয়াৰ এই ক্লাছত৷ আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰিব আপোনজনক লৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ