অসম লাইভ ২৪ঃ শ্বেৰমান আলীৰ জেপত বিধায়ক পুঁজিৰ ধন৷ বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত বিধায়কগৰাকীক৷ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে বিধায়ক শ্বেৰমান আলীক৷ শেহতীয়াভাৱে ছহিদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত হৈছে শ্বেৰমান আলী৷ এইবাৰ পুনৰ বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে৷ আদালতে প্ৰেৰণ কৰিছে বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ