অসম লাইভ ২৪ঃ এফালে দেশত ক’ৰোনাৰ ভয়াৱহ পৰিস্থিতি, আনফালে জনপ্ৰিয় ক্ৰিকেট লীগ IPL। ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি IPL আধাতে এৰিলে ৰবিচন্দ্ৰন অশ্বিনসহ কেইবাগৰাকী ক্ৰিকেটাৰে। দিল্লী কেপিটেলচৰ ৰবিচন্দ্ৰন অশ্বিন, ৰাজস্থান ৰয়েলচৰ এন্ড্ৰিউ টয়ে, RCBৰ আদাম জাম্পা আৰু কেন ৰিকাৰ্ডচনে ত্যাগ কৰিলে IPL। ব্যক্তিগত অসুবিধাৰ দোহাই দি অষ্ট্ৰেলিয়ালৈ প্ৰত্যাৰ্পণ কৰে ক্ৰিকেটাৰ আদাম জাম্পা আৰু কেন ৰিকাৰ্ডচনে। ইফালে, ভাৰতত কোভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে অষ্ট্ৰেলিয়াই বাতিল কৰিছে ভাৰতৰ সৈতে বিমানসেৱা। এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকল গৃহভূমিলৈ যোৱাৰ ক্ষেত্ৰত কোনো চৰকাৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচনে। ক’ৰোনাৰ এনে পৰিস্থিতিত ভাৰতে IPL অনুষ্ঠিত কৰাৰ বাবে ভাৰতক সমালোচনা কৰে অচ্যি পেচমেন এন্ড্ৰিউ টয়ে। অষ্ট্ৰেলিয়াৰ বেগী বলাৰ এন্ড্ৰিউ টয়ে এক সাক্ষাৎকাৰত কয়, ‘ ভাৰতীয় দৃষ্টিভংগীৰে চালে, এই সংকটৰ সময়ত ভাৰতৰ কোম্পানী আৰু ফ্ৰেঞ্চাইজিসমূহ, চৰকাৰে কিদৰে ইমান টকা ব্যয় কৰি IPL অনুষ্ঠিত কৰিছে। য’ত ৰোগীসকলে চিকিৎসালয়ৰ সুবিধাই পোৱা নাই’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ