অসম লাইভ ২৪ঃ ক’ৰোনাৰ নতুন উদ্বেগৰ নাম ‘অমিক্ৰন’৷ দক্ষিণ আফ্ৰিকাত প্ৰথম চিনাক্ত কোভিডৰ নতুন ভেৰিয়েণ্টক বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰিছে ‘অমিক্ৰন’৷ প্ৰাথমিকভাৱে এই ভেৰিয়েণ্টৰ নাম দিয়া হৈছিল B.1.1.529৷ শুকুৰবাৰে এক বিবৃতিযোগে বিশ্ব স্বাস্থ্য সংস্থাই নতুন নাম ৰাখে ‘অমিক্ৰন’৷ ইউৰোপৰ দেশসমূহত কোভিডৰ চতুৰ্থ ঢৌ চলাৰ সময়তে চিনাক্ত হৈছে অমিক্ৰন৷ পূৰ্বতকৈ ডেল্টা, বিটা, গামা ভেৰিয়েণ্টৰ তুলনাত অধিক সংক্ৰামক অমিক্ৰন৷ কিন্তু এই ভেৰিয়েণ্টবিধৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে এসপ্তাহ সময়ৰ প্ৰয়োজন হ’ব বুলিও জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ দক্ষিণ আফ্ৰিকাৰ উপৰি ইজৰাইল, হংকং, বেলজিয়ামতো ‘অমিক্ৰন’ৰ সংক্ৰমণ ইতিমধ্যে আৰম্ভ হৈছে৷
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ