অসম লাইভ ২৪ঃ ভয়ংকৰ ৰূপ লৈছে কোভিডে৷ প্ৰতিদিনেই বাঢ়িছে আক্ৰান্তৰ সংখ্যা৷ এনে প্ৰেক্ষাপটত জনসাধাৰণ যিদৰে সজাগ হ’বলগীয়া আছিল তেনেদৰে নোহোৱা পৰিলক্ষিত হৈছে দৰং জিলাত৷ সেয়ে সোমবাৰে জিলাখনৰ সদৰত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে মাৰাথন অভিযান চলায় আৰক্ষীয়ে৷ আৰক্ষীৰ এই অতৰ্কিত অভিযানত একাংশৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ কোনোৱে যদি পকেটৰ পৰা মাস্ক উলিয়াই, কোনোৱে আকৌ ৰুমাল-গামোচা ফালি-চিৰি লগৰজনকো দি কোনোমতে আৰক্ষীৰ অভিযানৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলোৱা দেখা গ’ল৷ ইফালে, মঙলদৈ আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল ডেকাৰ নেতৃত্বত ভেবাৰঘাট বাছ আস্থানত বাছ, মেজিক আদিত অহা যাত্ৰীৰ বিৰুদ্ধে অভিযান চলে৷ এই অভিযানকালত মাস্ক পৰিধান নকৰা যাত্ৰী কঢ়িয়াই অনা কেইবাখনো যান-বাহনক জৰিমনা বিহা হয়৷
মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপ’ৰ্ট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ