অসম লাইভ ২৪ঃ এটি যোগাত্মক খবৰ৷ চাকৰিৰ এই মহঙা দিনতো কোটি কোটি নিবনুৱাৰ সংস্থাপন প্ৰদান। কোভিড মহামাৰী সৃষ্ট জটিল পৰিবেশৰ মাজতো ৩ কোটি নিবনুৱাক সংস্থাপন প্ৰদান কেইবাটাও নিৰ্বাচিত সংস্থাৰ। শ্ৰম মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য৷ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে Quarterly Employment Survey-QES ৰিপ’ৰ্ট৷ ২০২১ বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ মাহত মুঠ ৯ টা খণ্ডত সংস্থাপন লাভ কৰিছে ৩.১০ কোটি লোকে৷ বিগত এপ্ৰিল-জুলাইৰ তুলনাত ২ লাখ লোকে অধিক সংস্থাপন লাভ কৰিছে৷ নিৰ্মাণ, ঔদ্যোগিক খণ্ড, ট্ৰেড, শিক্ষা, স্বাস্থ্য, আৱাস আৰু ৰেষ্টুৰেণ্ট, বিত্তীয় সেৱা, IT/BPO আদি ৯ টা খণ্ডত বিগত বৰ্ষত সংস্থাপন প্ৰদান ৩.১০ কোটি নিবনুৱাক৷ কোভিডৰ দ্বিতীয় ঢৌৰ নীতি-নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ পাছতেই কিছু উন্নত হৈছে দেশৰ আৰ্থনৈতিক অৱস্থা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ