অসম লাইভ ২৪ঃ সৰুতে ঠেলাত চাহ বিক্ৰী কৰি ফুৰা ল’ৰাজন এতিয়া এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশসনিক বিষয়া৷ শ্ৰমিক পিতৃক হাত আগবঢ়োৱাৰ বাবে হোটেলত কাম কৰা ল’ৰাজন এগৰাকী সফল IAS বিষয়া৷ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰৰ সফলতাৰ কাহিনী এয়া৷ নাম তেওঁৰ হিমাংশু গুপ্তা৷ উত্তৰাখণ্ডৰ হিমাংশু গুপ্তা অতি দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী ছাত্ৰ আছিল৷ বহু কষ্টৰে শিক্ষাজীৱন সমাপ্ত কৰিছিল ছাত্ৰগৰাকীয়ে৷ কিন্তু সফলতাৰ পথত দৰিদ্ৰতাক হেঙাৰ হ’বলৈ নিদিলে উচ্চাকাংক্ষী হিমাংশুৱে৷ ঘৰৰ পৰা ৭০ কিমি খোজ কাঢ়ি গৈ জ্ঞানৰ পোহৰ লৈছিল হিমাংশু৷ সেই পোহৰেৰে আজি উদ্ভাসিত IAS হিমাংশু গুপ্তা৷ Humans of Bombay নামৰ এটি ফে’চবুক পেজত প্ৰচাৰিত হৈছিল হিমাংশুৰ জীৱন সংগ্ৰামৰ কাহিনী৷ তেওঁৰ সেই সফলতাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰে হাজাৰজন হিমাংশুক৷ সফলতাৰ চূড়াত আগবাঢ়িবলৈ সাহস দিয়ে সেই কাহিনীয়ে৷ সপোন ডাঙৰ হ’লে পিছুৱাব নালাগে কোনো ব্যক্তি৷ কেৱল স্থিৰ হ’ব লাগে লক্ষ্য৷ সেই কথাকেই প্ৰমাণ কৰিছে উত্তৰাখণ্ডৰ হিমাংশু গুপ্তাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ