আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি
নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ হেলী জেনচেনে শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ১১ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত বিৰতি দিয়াৰ সিদ্ধান্ত লৈছে হেলীয়ে।
এই সময়ছোৱাত তেওঁ নিউজিলেণ্ডৰ হৈ ৫ খন আই চি চি টুৰ্ণামেণ্ট খেলিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত জেনচেনে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল আৰু ৩২ বছৰীয়া জেনচেনে সিদ্ধান্ত লৈছিল যে এইটোৱেই খেলৰ পৰা অৱসৰ লোৱাৰ উপযুক্ত সময়।
১১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত হেলী জেনচেনে নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ হৈ ৩৫খন এদিনীয়া আৰু ৫৩খন টি-২০ মেচ খেলিছিল।
এদিনীয়া মেচত হেলিয়ে ২৯৬ ৰান আৰু ২৮টা উইকেট দখল কৰিছে। হেলীৰ বেটৰ পৰা একমাত্ৰ অৰ্ধশতকটো আহিছিল এদিনীয়া ফৰ্মেটত। ইয়াৰ বাহিৰেও টি-২০ত হেলিয়ে ১৮৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৪৮টা উইকেট দখল কৰিছে।
হেলী জেনচেনৰ কেৰিয়াৰৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০২০ চনত। আইচিচি প্ৰতিযোগিতাত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এখন মেচত হেলীয়ে ৩টা উইকেট দখল কৰিছিল। যাৰ বাবে হেলী খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল। সেই প্ৰতিযোগিতাত হেলীয়ে নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৭টা উইকেট দখল কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















