‘মা’ হ’ল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা৷ পিতৃৰ দায়িত্ব ল’বলৈও সাজু নিক জোনাচ৷ প্ৰিয়ংকা আৰু নিকৰ জীৱনলৈ আহিল দুয়োৰে যুগ্ম জীৱনৰ সাক্ষী কনমানিটি ৷ ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীক এই কথা জনাইছে প্ৰিয়ংকা-নিকে৷ ছাৰ’গেচিৰ জৰিয়তে মাতৃ হ’ল প্ৰিয়ংকা৷
নতুন সদস্যৰ আগমনে পৰিপূৰ্ণ কৰিলে জোনাচ পৰিয়াল৷ ছ’চিয়েল মিডিয়াত এই সুখৰ খবৰ শ্বেয়াৰ কৰাৰ লগে লগেই শুভাকাংখীয়ে শুভেচ্ছাবাণীৰে উপচাই দিছে জোনাচ দম্পতীক৷ কিন্তু বৰ্তমানলৈকে সন্তানৰ লিংগ সন্দৰ্ভত একো প্ৰকাশ কৰা নাই দুয়োৱে৷
ইফালে অনুৰাগীৰ মাজতো অন্ত নাই কৌতুহলৰ৷ দুয়োৰে এই সুখৰ মুহুৰ্তই সুখী কৰি তুলিছে অনুৰাগীসকলকো৷ ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল নিক আৰু প্ৰিয়ংকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ