টোপনিৰ সময়ত আমি বিভিন্ন ধৰণৰ সপোন দেখি থাকো৷ ইয়াৰমাজতেই কিছু সপোন ভাল আৰু কিছু সপোন বেয়া৷ লেথাৰিকৈ দুঃস্বপ্ন দেখি থাকিলেই বুজিব যে আপোনাৰ কোষ্ঠীত গ্ৰহৰ অশুভ দশাৰ প্ৰভাৱ বৃদ্ধি পাইছে৷ জ্যোতিষ অনুসৰি বিশেষ কিছু গ্ৰহ দুৰ্বল হ’লে ব্যক্তিয়ে দুঃস্বপ্ন দেখে৷ এই ক্ষেত্ৰত ৰাহু, সূৰ্য, মঙল, বুধৰ অশুভ দশাক দায়ী কৰা হৈছে৷ জ্যোতিষ গণনা অনুসৰি ব্যক্তিৰ গ্ৰহদোষৰ বাবেই নিশা টোপনিও কম হয়৷ দুঃস্বপ্ন দেখে৷ দুঃস্বপ্নৰ বাবে দায়ী গ্ৰহ আৰু ইয়াৰ পৰা কেনেকৈ মুক্তি পাব জানক উপায়৷
দুঃস্বপ্নৰ কাৰণ
জ্যোতিষ অনুসৰি সূৰ্য দুৰ্বল থাকিলে ব্যক্তিয়ে দুঃস্বপ্ন দেখে৷ সূৰ্যৰ মহাদশাৰ অশুভ প্ৰভাৱৰ কাৰণে ব্যক্তিয়ে নানা ধৰণৰ বেয়া সপোন দেখিবলৈ আৰম্ভ কৰে৷
সূৰ্যৰ ওপৰিও বুধৰ কাৰণেও ব্যক্তিয়ে বেয়া সপোন দেখে৷ জ্যোতিষ গণনা অনুসৰি কোষ্ঠীত বুধ দুৰ্বল হ’লে দুঃস্বপ্নৰ প্ৰকোপ বাঢ়ে৷ ইয়াৰোপৰি দাঁত আৰু হাড় ভঙাৰো সম্ভাৱনা বৃদ্ধি পায়৷
জন্মচকত মঙ্গল অশুভ হ’লেও মানুহে বেয়া সপোন দেখে৷
অশুভ ৰাহুৰ কাৰণে ব্যক্তি বিভ্ৰান্ত হয়৷ বেয়া বেয়া সপোন দেখে৷ চুলি সৰাৰ দৰে সমস্যাই দেখা দিয়ে৷ পৰিয়ালৰ মাজত মনোমালিন্যও হয়৷ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা কমি যায়৷ কোষ্ঠীত ৰাহুৰ অশুভ পৰিস্থিতি থাকিলে কামত এটাৰ পাছত আনটো বাধা আহে৷ ইয়াৰোপৰি নানা সমস্যাই ঘেৰি ধৰে ব্যক্তিক৷ সঠিক সিদ্ধান্ত গ্ৰহণ কৰা কঠিন হৈ পৰে৷ বিভ্ৰান্তিৰ পৰা মানুহ উলাই আহিব নোৱাৰে৷
দুঃস্বপ্ন দূৰ কৰাৰ উপায়
দুঃস্বপ্ন দুৰ কৰিবলৈ প্ৰতিদিনে পুৱাই হনুমান চালিছা পাঠ কৰক৷
কিছু দিন ধৰি বেয়া সপোন দেখি থাকিলে নীলা কাপোৰত ফিটকিৰি বান্ধি বিচনাৰ তলত ৰাখক৷
মঙ্গলবাৰে এটুকুৰা ফিটকিৰি শিশু থাকিলে গাৰুৰ দিশত ৰাখক৷ ইয়াৰ প্ৰভাৱতেই টোপনিত ভয় খোৱা সমস্যা দুৰ হয়৷
ঘৰত নিয়মিত কৰ্পূৰ জ্বলাওক৷ ইয়াৰ ফলত অৱসাদ অনিদ্ৰা দূৰ হয়৷ পৰিবেশ বিশুদ্ধ হৈ ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷
পূৱ দিশত মূৰ থৈ শোৱক৷ দক্ষিণ দিশত মূৰ থৈ নুশোৱ৷
দুঃস্বপ্ন দূৰ কৰাৰ বাবে সূৰ্যৰ পানীৰ অৰ্ঘ্য দিয়ক৷ ইয়াৰ ফলত সূৰ্যৰ দশা মজবুত হ’ব৷ দুঃস্বপ্নৰ পৰাও আপুনি মুক্তি পাব৷
ৰাহুৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ ব্যক্তিয়ে শিৱৰ আৰাধনা কৰা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ