অসম লাইভ২৪ঃ
নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ পাছত কেইবাবিধো সামগ্ৰীৰ দাম বৃদ্ধি পাব।
প্লেটিনামৰ দাম বৃদ্ধি পাব, সোণ আৰু ৰূপৰ দাম বৃদ্ধি হ’ব।
বাজেটৰ পাছতেই চিলভাৰৰ বাচন বৰ্তন, চিগাৰেট, অলংকাৰ আদিৰ দামো বৃদ্ধি পাব।
ধপাতমযুক্ত সামগ্ৰী আৰু বিদেশৰ পৰা আমদানি কৰা ৰূপৰ দাম বৃদ্ধি পাব বুলি বাজেটত প্ৰকাশ।
লক্ষ্যণীয় ভাৱে নিৰ্মলা সীতাৰমণে বাজেটৰ ভাষণ আৰম্ভ কৰাৰ পাছতেই বৃদ্ধি পাইছে নিফটি আৰু ছেনচেক্স।
ছেনচেক্স ৫০৩.৭৫ বৃদ্ধি হৈ ৬০,০৮০.৬৫ হৈছেগৈ।
আনহাতে নিফটি বৃদ্ধি পাইছে ১৩৩.৩৫।
বাজেট দাখিল কৰি থাকোতে নিফটি হৈছেগৈ ১৭৭৯.৫০।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ