অসম লাইভ ২৪ঃ আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ৷ কেইবাটাও কাৰ্যসূচীত অংশ ল’ব নিৰ্মলা সীতাৰমণে৷ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ বুজ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ RTPS(right to public service) প’ৰ্টেল মুকলি অনুষ্ঠানত অংশ ল’ব সীতাৰমণে৷ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ ডিমা হাচাওৰ ল’ৱাৰ কপিলি হাইড্ৰ’ইলেক্ট্ৰিক প্ৰজেক্টৰ ভূমি পূজন অনুষ্ঠানতো অংশ গ্ৰহণ কৰিব নিৰ্মলা সীতাৰমণে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ