ৰাজকীয় আয়োজনেৰে সম্পূৰ্ণ হ’ল মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ সকলো অনুষ্ঠান৷ বিয়াৰ সাজেৰে ন বোৱাৰী ৰাধিকা যিমান চৰ্চাত আহিছে তাতোকৈ বেছি চৰ্চা হৈছে শাহুৱেক নীতা আম্বানীৰহে৷ নীতাৰ সাজ পোছাক, অলংকাৰে নজৰ কাঢ়িছে প্ৰায়সংখ্যক লোকৰ৷ বিয়াৰ সকলো অনুষ্ঠানতেই ভিন্ন ভিন্ন পোছাকেৰে ধৰা দিছে নীতাই৷ সংগীত, মেহেন্দী, হালধি, বিয়া, বিদায় সকলোবোৰতেই পৃথক পৃথক পোছাকত দেখা গৈছে নীতাক৷ নীতাৰ প্ৰতিযোৰ পোছাকতেই আছে চমক৷
অনন্ত-ৰাধিকাৰ আশীৰ্বাদ অনুষ্ঠানত নীতাই পৰিধান কৰা গোলপীয়া ৰঙৰ লেহেঙ্গাৰ ব্লাউজৰ ডিজাইনে দিছে আন এক চমক৷ সেই সাজত সকলোতকৈ বেছি আকৰ্ষণীয় দিশটোৱেই ব্লাউজটো৷ বিশেষ অনুষ্ঠান উপলক্ষে নীতাৰ পোছাকৰ নক্সা তৈয়াৰ কৰিছে আবু জানি আৰু সন্দীপ খোছলাই৷
ব্লাউজৰ নক্সাত সন্তান আৰু নাতি-নাতিনীৰ লগতে দেশীয় শিল্পৰ প্ৰতি নীতাৰ ভালপোৱা ফুঁটি উঠিছে৷ নীতাৰ লেহেংগাৰ থিম আছিল কাশী বিশ্বনাথৰ মন্দিৰ৷ লেহেঙ্গাৰ ব্লাউজৰ পিঠিত আছিল কাশী বিশ্বনাথ মন্দিৰৰ আৰ্হি৷ পিঠিৰ ফালে লিখা আছে সন্তান আৰু নাতি-নাতিনীৰ নাম৷ ব্লাউজৰ হাতৰ ফালে লিখা আছে সংস্কৃতৰ শ্লোক৷
এইয়াই প্ৰথম নহয়, বিয়াৰ অনুষ্ঠানৰ সূচনাৰ পূৰ্বেও নীতাই এখন ৰঙা বেনাৰছি শাৰী পৰিধান কৰিছিল৷ সেই শাৰিত লিখা আছিল গায়ত্ৰী মন্ত্ৰৰ শ্লোক৷ কনিষ্ঠ পুত্ৰৰ বিয়া উপলক্ষে নীতাই লগোৱা মেহেন্দীতো তেওঁৰ পৰিয়ালৰ প্ৰতি থকা প্ৰেম ফুটি উঠিছে৷ নীতাৰ এখন হাতত মেহেন্দীৰে লিখিছে পুত্ৰ অনন্ত আৰু ৰাধিকাৰ নাম৷ অন্য হাতত জ্যেষ্ঠ পুত্ৰ আকাশ আৰু শ্লোকাৰ নাম৷ নাতি-নাতিনীকেইটাও খুবেই মৰমৰ নীতাৰ৷ আটাইকেইটা নাতি-নাতিনীৰ নামো মেহেন্দীৰে লিখিছে নীতাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ