অসম লাইভ-২৪ঃ ভাৰতত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত চীনা প্ৰতিষ্ঠানক নিষিদ্ধ কৰা হৈছে। আনকি চীনা প্ৰতিষ্ঠানে যুটীয়াভাৱেও ভাৰতত পথ নিৰ্মাণ কৰিব নোৱাৰিব। ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। গাডকাৰীয়ে কয় যে অতি সূক্ষ্ম, সূক্ষ্ম আৰু মধ্যমীয়া পৰ্যায়ৰ প্ৰকল্পটো চীনা বিনিয়োগকাৰীক নিষিদ্ধ কৰাটো নিশ্চিত কৰিব চৰকাৰে।
লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত চীনা সেনাই চল-চাতুৰিৰে ২০ জনকৈ ভাৰতীয় সৈনিকক নিষ্ঠুৰভাৱে হত্যা কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। ইতিমধ্যে দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে চীনৰ ৫৯টা এপ্ নিষিদ্ধ কৰিছে ভাৰতে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে চীনা প্ৰতিষ্ঠানক নিৰ্মাণকাৰ্যত নিষিদ্ধ কৰিবলৈ শীঘ্ৰে এখন আঁচনি প্ৰস্তুত কৰা হ’ব আৰু ভাৰতীয় নিৰ্মাণ প্ৰতিষ্ঠানসমূহে ঘাইপথ নিৰ্মাণৰ কামত ব্ৰতী হ’ব পৰাকৈ যোগ্যতাৰ মাপকাঠি কিছু শিথিল কৰা হ’ব। গাডকাৰীয়ে কয় যে যদি কোনো যুটীয়া প্ৰকল্পত চীনা প্ৰতিষ্ঠানে কাম কৰি আছে, তেনেহ’লে পুনৰ নিবিদা আহ্বান কৰা হ’ব। যদি কোনো ঠিকাদাৰে সৰু প্ৰকল্পত কাম কৰিছে, তেওঁ ডাঙৰ প্ৰকল্পত কাম কৰাৰো যোগ্যতা আহৰণ কৰিব। গাডকাৰীয়ে আৰু কয় যে যোগ্যতা আহৰণৰ বাবে দেশৰ সৰু নিৰ্মাণ প্ৰতিষ্ঠানে যাতে বিদেশৰ ডাঙৰ প্ৰতিষ্ঠানৰে যুক্ত হ’ব নালাগে সেয়াও নিশ্চিত কৰিব চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ