একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম
মধ্যবিত্ত আৰু নিম্ন বৰ্গৰ লোকৰ বাবে এক প্ৰধান সমস্যা আছিল বেংকৰ নূন্যতম বেলেঞ্চ ৰখাৰ ক্ষেত্ৰত। কেতিয়াবা টকাৰ বহু নাটনি হ’লেও বাধ্যত পৰি বেংকৰ একাউণ্টত ৰাখিব লগা হয় বেংকে ধৰি দিয়া নূন্যতম বেলেঞ্চ। কাৰণ নূম্যতম বেলেঞ্চ নাৰাখিলে বেংকে চাৰ্জ কৰ্তন কৰিছিল।
কিন্তু এতিয়া চেভিংছ একাউণ্টৰ গ্ৰাহকে চিন্তা কৰাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ ষ্টেট বেংক অৱ ইণ্ডিয়া(SBI)কে ধৰি ছটা বৃহৎ বেংকে গড় মাহিলী বেলেঞ্চৰ ৰূপত আৰোপ কৰা চাৰ্জ সম্পূৰ্ণৰূপে বাতিল কৰিছে। অৰ্থাৎ এতিয়া একাউণ্ট খালী থাকিলেও বেংকে কোনো ধৰণৰ চাৰ্জ কৰ্তন নকৰে।
কোন কোন বেংকে এতিয়াৰ পৰা কৰ্তন নকৰে চাৰ্জ
১- ভাৰতীয় ষ্টেট বেংক (SBI)
২০২০ চনৰ পৰা গড় নূন্যতম বেলেঞ্চৰ নিয়ম থকা ভাৰতীয় ষ্টেট বেংকেও এতিয়া বিলুপ্ত কৰিছে এই নিয়ম। অৰ্থাৎ এতিয়া চেভিংছ একাউণ্টত নূন্যতম বেলেঞ্চৰ চৰ্ত পূৰণ নহ’লেও কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব।
২- বেংক অফ বৰোডা (Bank of Baroda)
২০২৫ চনৰ ১ জুলাইৰ পৰা সকলো ষ্টেণ্ডাৰ্ড চেভিংছ একাউণ্টৰ নূন্যতম বেলেঞ্চৰ চৰ্ত পূৰণ নকৰাৰ চাৰ্জ বেংক অৱ বৰোডাই বাতিল কৰিছে। কিন্তু প্ৰিমিয়াম চেভিংছ একাউণ্ট আঁচনিৰ ক্ষেত্ৰত এই চাৰ্জ বাতিল কৰা হোৱা নাই।
৩- ইণ্ডিয়ান বেংক (Indian Bank)
ইণ্ডিয়ান বেংকেও নূন্যতম বেলেঞ্চ চাৰ্জ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ৭ জুলাইৰ পৰা সকলো ধৰণৰ সঞ্চয় একাউণ্টৰ গড় নূন্যতম বেলেঞ্চ চাৰ্জ বিলুপ্ত কৰা হৈছে।
৪- কানাড়া বেংক (Canara Bank)
নিয়মীয়াকৈ সঞ্চয় একাউণ্টকে ধৰি সকলো ধৰণৰ সঞ্চয় একাউণ্টৰ নূন্যতম বেলেঞ্চ চাৰ্জ চলিত বৰ্ষৰ মে’ মাহত বাতিল কৰিছে কানাড়া বেংকে। ইয়াৰ ভিতৰত দৰমহা আৰু প্ৰবাসী ভাৰতীয় সঞ্চয় একাউণ্টো আছে।
৫- পঞ্জাৱ নেচনেল বেংক (PNB)
পঞ্জাৱ নেচনেল বেংকেও সকলো ধৰণৰ চেভিংছ একাউণ্টৰ নূন্যতম গড় বেলেঞ্চ চাৰ্জ বাতিল কৰি গ্ৰাহকক সকাহ দিছে।
৬- বেংক অফ ইণ্ডিয়া (Bank of India)
বেংক অৱ ইণ্ডিয়াই নূন্যতম বেলেঞ্চৰ চৰ্ত পূৰণ নকৰাৰ বাবে বেংকৰ গ্ৰাহকৰ পৰা কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব বুলি সিদ্ধান্ত লৈছে। বেংক অৱ ইণ্ডিয়াৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, পৰিৱৰ্তিত বজাৰৰ অৱস্থা আৰু বিত্তীয় নমনীয়তা বৃদ্ধিৰ লক্ষ্যৰে এই পৰিৱৰ্তন কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















