বনকৰ্মীৰ এনকাউণ্টাৰ, নিহত একেখন ঘৰৰে দুই চোৰাং মাছমৰীয়া ভাতৃ
নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে এক এনকাউন্টাৰৰ ঘটনা। অভয়াৰণ্যখনত বনৰক্ষীৰ গুলীত নিহত হৈছে একেখন ঘৰৰে দুই চোৰাং মৎস্য ব্যৱসায়ী। জানিব পৰা মতে, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰত সংঘটিত হৈছে এই ঘটনা।
খবৰ অনুসৰি, শুকুৰবাৰে নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই জলিল উদ্দিন আৰু ছমিৰ উদ্দিন। পাছত বনৰক্ষীয়ে ঘটনাসন্দৰ্ভত খবৰ লাভ কৰি সেই স্থানত উপস্থিত হৈ দুয়ো মৎস্য ব্যৱসায়ীক গুলি কৰে, বনৰক্ষীৰ গুলীত নিহত হয় দুয়ো ভাতৃ।
নিশাই বন বিভাগে নিহত দুই চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে বৰ্তমানে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী আৰু বন বিভাগৰ লোক মোতায়েন কৰা হৈছে। যাতে পৰিস্থিতি শান্ত হৈ থাকে।
নিহত লোক দুজনৰ ঘৰ নগাঁও জিলাৰ জুৰীয়াৰ ধিংবৰি চাপৰি গাঁৱত বুলি জানিব পৰা গৈছে। বৰ্তমানে পৰিয়ালৰ লোকে আৰক্ষীৰ পৰা লাভ কৰিছে দুই ভাতৃৰ মৃতদেহ।
পাছে পৰিয়ালৰ লোকৰ তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী এয়া ভুৱা এনকাউন্টাৰ। লগতে নিহত পৰিয়ালক ১০ লাখ টকা সাহাৰ্য্য দিয়াৰ দাবী।
ঘটনাক কেন্দ্ৰ কৰি কোনো ধৰণৰ উচ্চ পদস্থ বিষয়া নিহত পৰিয়ালৰ বাসগৃহত উপস্থিত নোহোৱাক লৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিক্ৰিয়া প্ৰকাশ। কোনো এজন উচ্চপদস্থ বিষয়া উপস্থিত নহ’লে জানাজা সম্পন্ন কৰিব নিদিয়ে সংখ্যালঘু সংগ্ৰাম পৰিষদে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ