অসম লাইভ ২৪ঃ অহা ২০ আৰু ২১ নবেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব উত্তৰ-পূব শৈক্ষিক সন্মিলন৷ বুধবাৰে এক সংবাদমেলযোগে সদৰী কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সন্দৰ্ভত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে আলোচনাত মিলিত হ’ব ৰাজ্যৰ শিক্ষা বিভাগ৷ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যপাল জগদীশ মুখী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ লগতে অংশ ল’ব দেশৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠানৰ শীৰ্ষ নেতৃত্বই৷ শংকৰদেৱ এডুকেশ্যন আৰু ৰিছাৰ্চ ফাউণ্ডেচনৰ সৈতে যৌথভাৱে উত্তৰ-পূব শৈক্ষিক সন্মিলনৰ আয়োজন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ ৰাজ্যৰ শিক্ষাবিভাগৰ উপদেষ্টা ননী গোপান মহন্তই সদৰী কৰা অনুসৰি দুয়োটা দিনত ৫টাকৈ সমান্তৰাল ছ্যেচন অনুষ্ঠিত হ’ব সন্মিলনত৷ প্ৰথম ছ্যেচন হ’ব উত্তৰ-পূৱৰ শিক্ষামন্ত্ৰী আৰু উপাচাৰ্যসকলৰ সৈতে । দ্বিতীয় ছ্যেচন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিসমূহৰ সৈতে অনুষ্ঠিত হ’ব । তৃতীয় ছ্যেচন অনুষ্ঠিত হ’ব পেছাগত শৈক্ষিক অনুষ্ঠানসমূহৰ সৈতে । আনহাতে, চতুৰ্থ ছ্যেচন বিদ্যালয়সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক, পৰিচালনা সমিতিসমূহৰ সৈতে আৰু পঞ্চমটো ছ্যেচন অনুষ্ঠিত হ’ব বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে৷ একেদৰে ২১ নবেম্বৰতো অনুষ্ঠিত হ’ব ৫টাকৈ ছ্যেচন৷ এই ছ্যেচনসমূহ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব । উল্লেখ্য, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সম্পূৰ্ণকৈ বলবৎ কৰা ৰাজ্যসমূহ হৈছে কৰ্ণাটক, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ