অসম লাইভ২৪ঃ বিশ্বৰ শক্তিশালী কৌশলগত অস্ত্ৰ তৈয়াৰ কৰিছে উত্তৰ কোৰিয়াই। এই দাবী নিজেই কৰিছে একনায়কত্ববাদী শাসক কিম জং উনে। কিমে প্ৰকাশ কৰা মতে উত্তৰ কোৰিয়াই এটা নতুন আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ তৈয়াৰ কৰিছে। এই ক্ষেপণাস্ত্ৰই বিশ্বৰ শক্তিশালী কৌশলগত অস্ত্ৰ বুলি দাবী কৰিছে কিমে। উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে দাবী কৰা অনুযায়ী, বহুদিন আগৰে পৰাই বিশ্বৰ শক্তিশালী পাৰমানৱিক অস্ত্ৰভাণ্ডাৰ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে উত্তৰ কোৰিয়াই। এই নতুন বেলিষ্টিক মিছাইল পৰিকল্পনা কৰা অস্ত্ৰভাণ্ডাৰৰ এটা মাত্ৰ ক্ষুদ্ৰ অংশহে। কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা কেএনছি এ কিমৰ এই মন্তব্য প্ৰকাশ কৰিছে যদিও এই সম্পৰ্কত তেওঁলোকে পৃথক এক বাখ্যা দাঙি ধৰিছে।
কেএনচিয়ে প্ৰকাশ কৰা মতে কিমে প্ৰকৃততে তেওঁৰ সৈন্য বাহিনীকেই আটাইতকৈ শক্তিশালী আখ্যা দিছে। কে এন চিৰ মতে কিমে উত্তৰ কোৰিয়াৰ উত্তৰ কোৰিয়াৰ পাৰমানৱিক অস্ত্ৰভাণ্ডাৰ শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে। কিমে এই সন্দৰ্ভত দিয়া মন্তব্যত কৈছে, ‘আমাৰ ৰাষ্ট্ৰৰ জনগণৰ মৰ্যাদা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে আমি নিৰৱচ্ছিন্নভাৱে কাম কৰি আছো। আমাৰ লক্ষ্য, বিশ্বৰ সকলোতকৈ শক্তিশালী কৌশলগত অস্ত্ৰ তৈয়াৰ কৰা। এই অস্ত্ৰসমূহ হ’ব নজৰবিহীন।’ কিমে প্ৰতিৰক্ষা বিষয়ক গৱেষণাত নিযুক্তি দিয়া বিশ্বস্ত কেডাৰ তথা বিজ্ঞানীজনে তেওঁ বিশ্বাস অটুত ৰাখি নিৰ্মাণ কৰি উলিয়ালে এই বিশেষ ক্ষেপনাস্ত্ৰ। এই বিশেষ ক্ষেপনাস্ত্ৰৰ নাম দিছে ‘হংছাপো’।
উল্লেখ্য যে, কেৱল ক্ষেপনাস্ত্ৰ নিৰ্মাণ কৰায় নহয়, এটা শক্তিশালী পাৰমানৱিক জাহাজো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিমে। জাহাজ নিৰ্মাণৰ কথা ২০১৯ চনতেই ঘোষণা কৰিছিল কিমে। এই পাৰমাণৱিক ক্ষেপনাস্ত্ৰ সম্বলিত জাহাজখনত বিভিন্ন সামৰিক সা-সৰঞ্জামো ৰখাৰ কথা উল্লেখ কৰিছিল কিমে। উপগ্ৰহৰ পৰাই এই জাহজ পৰ্যবেক্ষণ কৰিব পৰাৰো ব্যৱস্থা ৰখা হ’ব জাহাজখনত বুলি উল্লেখ কৰিছিল কিমে। এই চৰ্চা সমূহৰ মাজতেই শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে কিমৰএ খন বিশেষ ফটো। এই ফটোত কিমৰ সৈতে দেখা গৈছে তেওঁৰ কন্যাক।
ক্ষেপনাস্ত্ৰ বিজ্ঞানীসকলৰ সৈতে এক বৈঠকত মিলিত হ’বলৈ যাওঁতে কন্যাকো লগত লৈ গৈছিল কিমে। কিমৰ এগৰাকী কন্যা সন্তান আছে বুলি জানিলেও কাহানিও কন্যাৰ ফটো ক’তোৱেই প্ৰকাশ কৰা হোৱা নাছিল। কিমৰ মুঠ তিনিটা সন্তান। ভাইৰেল খবৰ অনুযায়ী ১০ বছৰীয়া কন্যা ‘জু’ সকলোতকৈ প্ৰিয় কিমৰ। ‘জু’ৱেই পৰবৰ্তীসময়ত উত্তৰ কোৰিয়াৰ শাসনৰ দায়িত্বতো আহিব বুলি উত্তৰ কোৰিয়াৰ কেইবাটাও সূত্ৰই প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ