ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে শনিবাৰে দশম দিনত প্ৰৱেশ কৰিছে৷ ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন৷
এই যুদ্ধৰ বিষয়ে আজিৰ পৰা ৫০০ বছৰ আগতে ভৱিষ্যদ্বাণী কৰিছিল এজন ব্যক্তিয়ে৷ যিগৰাকী ব্যক্তি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভৱিষ্যদ্ৰৰ্শী হিচাপে স্বীকৃত হৈ আহিছে৷ এই ব্যক্তি গৰাকী হ’ল নাষ্ট্ৰাডাম’ছ৷ আজিৰ পৰা ৫০০ বছৰ পূৰ্বে জামাৰ্নীৰ এই জ্যোতিষীগৰাকীয়ে ২০২২ চনৰ এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰি থৈ গৈছিল।
নাষ্ট্ৰাডাম’ছে ২০২২ চনত ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰিছিল৷ এতিয়া সেই ভৱিষ্যদ্বাণী ফলিওৱাৰ দিশে আগবাঢ়িছে৷
লগতে পঢ়ক লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ
১৫০৩ চনৰ ১৪ ডিচেম্বৰত ফ্ৰান্সত জন্ম গ্ৰহণ আৰু ১৫৬৬ চনৰ ২ জুলাইত মৃত্যু ঘটা নাষ্ট্ৰাডাম’ছে বিশ্ব ৰাজনীতিৰ সম্পৰ্কীয় আৰু বহু ভৱিষ্যদ্বাণী কৰিছিল৷ যিসমূহ ফলিয়াই আহিছে বুলি দাবী কৰা হৈছে৷
বিশেষকৈ ফৰাচী বিপ্লৱ, প্ৰথম বিশ্ব যুদ্ধ, দ্বিতীয় বিশ্ব যুদ্ধ তথা হিটলাৰৰ শাসন, ৯/১১ৰ আমেৰিকাৰ সন্ত্ৰাসবাদী আক্ৰমণ সম্পৰ্কেও সঠিক ভৱিষ্যদ্বাণী কৰিছিল এই নাষ্ট্ৰাডাম’ছে৷
নষ্ট্ৰাডাম’ছে তেওঁৰ কিতাপখনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সম্পৰ্কেও ভৱিষ্যদ্বাণীও কৰিছিল। ‘‘ইউৰোপৰ এখন দেশে সমগ্ৰ বিশ্বক ইয়াৰ শক্তিৰে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিব আৰু তাৰ বাবে দেশখনে ইয়াৰ সীমান্তত থকা এখন সৰু দেশৰ সৈতে যুঁজ দিব। এই যুদ্ধত হাজাৰ হাজাৰ লোক নিহত হ’ব আৰু বহুতে নিজৰ ঘৰ এৰি আন এখন দেশলৈ পলাই যাবলৈ বাধ্য হ’ব।’’ নষ্ট্ৰাডাম’ছে আৰু লিখিছিল৷
লগতে পঢ়ক সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?
‘‘মহান দেশৰ শাসকেও তেওঁৰ পৰাজয় দেখি পাৰমাণৱিক বোমা ব্যৱহাৰ কৰাৰ কথা বিবেচনা কৰিব, কিন্তু লাখ লাখ লোকৰ মৃত্যু আৰু তৃতীয় বিশ্বযুদ্ধৰ ভয়ত তেওঁ তৃণমূল পৰ্যায়ত যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত ল’ব আৰু তেনেকৈয়ে সেই যুদ্ধত জয় লাভ কৰিব।’’ নাষ্ট্ৰাডাম’ছে এইদৰে লিখি থৈ গৈছে৷
ইফালে নাষ্ট্ৰাডাম’ছে ভাৰতৰ ৰাজনীতি সম্পৰ্কেও ভৱিষ্যদ্বাণী কৰি থৈ গৈছিল আৰু সেই ভৱিষ্যদ্বাণী ফলিয়াইছিল৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিষয়ে নষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী সঁচা বুলি প্ৰমাণিত হৈছিল।
ইফালে মহামাৰী কৰোনা ভাইৰাছ সম্পৰ্কীয় তেওঁৰ ভৱিষ্যদ্বাণীও সত্য প্ৰমাণিত হৈছিল৷ ‘‘একবিংশ শতিকাত পৃথিৱীখন এক ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব৷ আৰু এই ৰোগত পৃথিৱীজুৰি লাখ লাখ লোকৰ মৃ্ত্যু হ’ব৷’’ কৰোনা ভাইৰাছৰ সম্পৰ্কে ভৱিষ্যদ্বাণী কৰি নাষ্ট্ৰাডাম’ছে এইদৰে লিখিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ