ৰাছিয়াই ইউক্ৰেইনৰ সৈতে সাময়িক যুদ্ধবিৰতি ঘোষণা কৰাৰ খবৰে সমগ্ৰ বিশ্ববাসীৰ লগতে ইউক্ৰেইনৰ বাবে বৃহৎ সকাহ লৈ অহা বুলি ভবা হৈছিল৷ কিন্তু যুদ্ধবাজ ৰাছিয়াই এই যুদ্ধবিৰতি কেৱল দুখন চহৰত মাত্ৰ চাৰে পাঁচ ঘণ্টাৰ বাবেহে ঘোষণা কৰিছে৷
শনিবাৰে মস্কোৱে নিশা ১০.০০ বজাত (ভাৰতীয় সময় অনুসৰি ১২.৩০ বজাত) এই যুদ্ধ বিৰতি ঘোষণা কৰিছে৷ সংবাদ সংস্থাত এএফপিৰ মতে ৰাছিয়াই আজভ সাগৰৰ মাৰিয়’পুলৰ বাসিন্দাসকলক দেশ ত্যাগ কৰি যাবলৈ মানৱীয়তাৰ খাতিৰত এই যুদ্ধ বিৰতি ঘোষণা কৰিছে৷
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতিৰে সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি মাৰিয়’পুলৰ লগতে ভল’ন’ভাকা চহৰতো ৰাছিয়াই যুদ্ধ বিৰতি ঘোষণা কৰিছে৷
লগতে পঢ়ক প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!
উল্লেখ্য যে চলিত সপ্তাহত বেলাৰুছত অনুষ্ঠিত শান্তি আলোচনাত যুদ্ধ বিধ্বস্ত চহৰসমূহৰ লগতে ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ অসামৰিক লোকসকলক সুৰক্ষিতভাৱে চহৰ এৰি যাবলৈ মানৱীয়তাৰ খাতিৰত ৰাছিয়াই সুবিধা দিব লাগে বুলি এক সিদ্ধান্তত উপণীত হৈছিল৷ মস্কোৱে এই সিদ্ধান্তৰ প্ৰতি সহাঁৰি জনায়ে দুই চহৰত যুদ্ধ বিৰতি ঘোষণা কৰা বুলি ধাৰণা কৰা হৈছে৷
ইউক্ৰেইনৰ দক্ষিণৰ খাৰচন চহৰ ৰাছিয়াই দখল কৰিলেও এতিয়াও ওডেতা আৰু মাৰিয়’পুল চহৰৰ গুৰুত্বপূৰ্ণ দুটা বন্দৰ দখল কৰিবলৈ বাকী আছে৷ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণেৰে এই দুই চহৰৰ বন্দৰ দুটা দখলৰ চেষ্টা কৰোতে বহু অসামৰিক লোকৰ মৃত্যু হোৱাৰ খবৰো আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ