অসম লাইভ২৪ঃ জল্পনা আৰম্ভ হৈছিল পাটনাৰ বৈঠকৰ পাছৰে পৰাই। বাংগালুৰুৰ বৈঠকৰ মাজতেই বিজেপি আৰু বিৰোধী ৰাজনৈতিক নেতাই কৰিছে এটাৰ পাছত আনটো মন্তব্য। বিৰোধী মহাজোঁটৰ বৈঠকৰ পাছতেই কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ জোঁটৰ নামো সলনি কৰাৰ সিদ্ধান্ত লৈছে নতুন মহাজোঁটে। ২৬বিৰোধী দলৰ বৈঠকৰ পাছতেই বিৰোধী জোঁটৰ নতুন নাম হৈছে INDIA.
বিৰোধী মহাজোঁটৰ নতুন নাম INDIAৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্ডিয়ান নেশ্ব্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স। বৈঠকৰ শেষতেই কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জূন খাৰ্গেই ঘোষণা কৰিছে এই নতুন নামটো। বৈঠকৰ শেষতেই তৃণমূলৰ ৰাজ্যসভাৰ নেতা ডেৰেক ওব্ৰায়ানেও টুইটযোগে লিখিছে, ‘চক দে ইণ্ডিয়া।’
নাম সলনি হ’ল যদিও এই নতুন মহাজোঁটৰ চেয়াৰপাৰ্ছন বা আহ্বায়ক পদত কোন থাকিব ঘোষণা কৰা নাই খড়্গেই। ইউপিএ চেয়াৰপাৰ্ছন পদত পূৰ্বে আছিল ছোনীয়া গান্ধী। কিন্তু এইবাৰৰ নতুন মহাজোঁটত ১১জনীয়া সদস্যৰ এখন সমন্বয় কমিটি গঠন হ’ব বুলি জনাইছে খাৰ্গেই। তেওঁ এই সন্দৰ্ভত কয়, ‘পৰৱৰ্তী বৈঠকৰ আগতেই চূড়ান্ত হ’ব কমিটিত থকা সদস্যৰ নাম। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মহাজোঁটে বাংগালুৰুত কৰা এই মিটিঙেই এতিয়া দৃষ্টি কাঢ়িছে দেশৰ ৰাজনীতিৰ খবৰ ৰখা প্ৰতিজন ব্যক্তিৰেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ