ইতিহাস ৰচিলে নোভাক জ’কভিছে, এনে ৰেকৰ্ড গঢ়া বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ
ইতিহাসৰ সৃষ্টি কৰিছে কিংবদন্তি টেনিছ খেলুৱৈ নোভাক জ’কভিচে। জেনেভা অ’পেনৰ ফাইনেলত ষষ্ঠ ছিড হুবাৰ্ট হাৰ্কাচক ৫–৭, ৭–৬, ৭–৬ গ’লত পৰাস্ত কৰি তেওঁ খিতাপ দখল কৰে। অপেন এৰাত এয়া জ’কভিচৰ ১০০ সংখ্যক খিতাপ। যি এক অনন্য অভিলেখ।
মেচখনৰ আৰম্ভণিতে জ’কভিচ এটা ছেট পিছ পৰি আছিল যদিও তাৰ পিছত তেওঁ কামবেক কৰি অৱশেষত খিতাপ দখল কৰে। ৯ মাহ পূৰ্বে পেৰিছ অলিম্পিকত জ’কভিচে কেৰিয়াৰৰ ৯৯ সংখ্যক একক খিতাপ দখল কৰিছিল।
ইয়াৰ পিছত নোভাকে চাংহাই মাষ্টাৰছ আৰু মিয়ামি মাষ্টাৰছত অংশগ্ৰহণ কৰিছিল যদিও সেই দুয়োখন প্ৰতিযোগিতাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু ৩৮ সংখ্যক জন্মদিনৰ দুদিন পিছতে ১০০ সংখ্যক খিতাপ দখল কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে টেনিছত অপেন এৰা আৰম্ভ হৈছিল ১৯৬৮ চনৰ পৰা। সকলো খেলুৱৈকে (অপেছাদাৰী আৰু পেছাদাৰী) চাৰিওটা গ্ৰেণ্ড শ্লেমত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছিল, যাৰ ফলত ইয়াক অপেন এৰা বুলি জনা গৈছিল। এই খিতাপ লাভ কৰি জ’কভিচে ২০টা ভিন্ন ছিজনত ট্ৰফী জয় কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ ভিতৰত অলিম্পিক স্বৰ্ণ পদকো অন্তৰ্ভুক্ত।
কেৰিয়াৰত ২৪টা গ্ৰেণ্ড শ্লেম জয় কৰা জ’কভিচৰ লগতে এই অনন্য অভিলেখ গঢ়া অন্য দুগৰাকী খেলুৱৈ হৈছে- জিমি কনৰ্ছ (১০৯) আৰু ৰজাৰ ফেডাৰেৰে (১০৩) সৰ্বাধিক একক খিতাপ দখল কৰাৰ অভিলেখ গঢ়িছে। এতিয়া পৰৱৰ্তী সময়ত জ’কভিচে এই দুয়োৰে অভিলেখ ভংগ কৰিবলৈ চেষ্টা কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















