ওছামা বিন লাডেন। জীৱিত কালত সমগ্ৰ বিশ্বৰ বাবে আতংকৰ আন এক নাম হৈ পৰিছিল অল-কায়দাৰ প্ৰাক্তন মুৰব্বীজন। আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছিল।
সেই লাডেনৰে ফ’টো এগৰাকী চৰকাৰী বিষয়াই চৰকাৰী কাৰ্যালয়ত ওলমাই এতিয়া সংকটত পৰিছে। উত্তৰ প্ৰদেশত এই ঘটনা সংঘটিত হৈছে।
উত্তৰপ্ৰদেশৰ ফাৰুখাবাদত বিদ্যুৎ বিতৰণ কোম্পানী এটাৰ কাৰ্যালয়ত এজন চৰকাৰী বিষয়াই চৰকাৰী কাৰ্যালয়ত অল-কায়দাৰ প্ৰাক্তন মুৰব্বী ওছামা বিন লাডেনৰ ফ’টো ওলোমাই নিলম্বনৰ সন্মুখীন হ’বলগীয়া হৈছে।
লগতে পঢ়ক এটি ৩,০০০ বছৰীয়া পুৰণি মন্দিৰ! মন্দিৰ খননত ওলাইছে আচৰিত তথ্য
এই ঘটনাৰ পাছতে সমগ্ৰ দেশত তোলপাৰ লাগিছে। ওছামা বিন লাডেনৰ ফ’টো ওলোমাই নিলম্বনৰ সন্মুখীন হ’বলগীয়া হোৱা বিষয়াগৰাকী হৈছে দক্ষিণাঞ্চল বিদ্যুৎ বিতৰণ নিগম লিমিটেডৰ উপ-বিভাগীয় বিষয়া ৰবীন্দ্ৰ প্ৰকাশ গৌতম।
উল্লেখযোগ্য যে ৰবীন্দ্ৰ প্ৰকাশ গৌতমে কাৰ্যালয়টোত ওলোমাই থোৱা লাডেনৰ ফ’টোখনৰ সৈতে বিশ্বৰ শ্ৰেষ্ঠ কনিষ্ঠ অভিযন্তা বুলি এটা টোকা সংলগ্ন কৰিছিল।
আনহাতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তৰপ্ৰদেশ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে জানিব পৰা যাব প্ৰকৃততে কি কাৰণত ৰবীন্দ্ৰ প্ৰকাশ গৌতমে লাডেনৰ ফ’টোখন ব্যাৱহাৰ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ