২০২৫ চনত কেতিয়া আৰু কিমানবাৰ লাগিব সূৰ্য আৰু চন্দ্ৰ গ্ৰহণ, ভাৰতৰ পৰা দেখা যাবনে !
জ্যোতিষত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দুয়োটাৰে বিশেষ তাৎপৰ্য আছে। বিশ্বাস কৰা হয় যে যেতিয়াই সূৰ্যগ্ৰহণ ঘটে তেতিয়াই প্ৰতিজন ব্যক্তিৰ জীৱনত ইয়াৰ গভীৰ প্ৰভাৱ পৰে। পৃথিৱী আৰু সূৰ্য্যৰ মাজত চন্দ্ৰ আহিলে সূৰ্যগ্ৰহণ হয়। সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰই কিছু সময়ৰ বাবে সূৰ্য্যক আবৰি ৰাখে। যেতিয়া পৃথিৱী সূৰ্য্য আৰু চন্দ্ৰৰ মাজত আহে তেতিয়া পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে, যাৰ বাবে চন্দ্ৰ লুকাই থাকে। এই পৰিঘটনাক চন্দ্ৰগ্ৰহণ বোলা হয়।
২০২৫ চনত ৪টা গ্ৰহণ হ’ব, য’ত ২টা সূৰ্যগ্ৰহণ আৰু ২টা চন্দ্ৰগ্ৰহণ হ’ব। এইবাৰ ভাৰতত ইয়াৰে কোনো এটা গ্ৰহণ দেখা যাবনে!
বছৰৰ প্ৰথমটো আংশিক সূৰ্যগ্ৰহণ ২০২৫ চনৰ ২৯ মাৰ্চত, পুৱা ০৮:৫০ বজাৰ পৰা নিশা ১২:৪৩ বজালৈ হ’ব। এই সূৰ্যগ্ৰহণ এছিয়া, উত্তৰ আমেৰিকা, উত্তৰ-দক্ষিণ আমেৰিকা আৰু উত্তৰ-পশ্চিম আফ্ৰিকাৰ কিছু অংশত দেখা যাব। পাছে ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব।
২০২৫ চনৰ ২১ ছেপ্টেম্বৰত আংশিক সূৰ্যগ্ৰহণ হ’ব। ২০২৫ চনৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২১ ছেপ্টেম্বৰৰ নিশা ০৫:২৯ বজাৰ পৰা আৰম্ভ হ’ব, যিটো নিশা ৯:৫৩ বজালৈকে চলিব। এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযায়। ২০২৫ চনৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ প্ৰশান্ত মহাসাগৰীয়, দক্ষিণ অষ্ট্ৰেলিয়া, আটলাণ্টিক আৰু এন্টাৰ্কটিকাত দেখা যাব।
বছৰৰ প্ৰথমটো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ ২০২৫ চনৰ ১৪ মাৰ্চত হ’ব, যিটো পুৱা ১০:৪১ বজাৰ পৰা আৰম্ভ হ’ব। ১৪ মাৰ্চত নিশা ০২:১৮ বজাত এই সূৰ্যগ্ৰহণৰ অন্ত পৰিব। এই চন্দ্ৰগ্ৰহণ ভাৰতত দেখা নাযায়। এছিয়াৰ কিছু দেশ, আফ্ৰিকা, আমেৰিকা আৰু অষ্ট্ৰেলিয়াত দেখা যাব।
২০২৫ চনৰ দ্বিতীয়টো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ ২০২৫ চনৰ ৭ ছেপ্টেম্বৰৰ নিশা ৯:৫৭ বজাৰ পৰা পিছদিনা ২০২৫ চনৰ ৮ ছেপ্টেম্বৰৰ পুৱা ০১:২৬ বজালৈ হ’ব। ইউৰোপ, অষ্ট্ৰেলিয়া, এছিয়া, আফ্ৰিকা আৰু আমেৰিকাৰ বহু ঠাইত এই চন্দ্ৰৰ্যগ্ৰহণ দেখা যাব। ভাৰততো দেখা যাব এই চন্দ্ৰ গ্ৰহণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















