৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব
বিগত ৫ বছৰ ধৰি বলীউডৰ পৰা আঁতৰি আছে দেশীগাৰ্ল প্ৰিয়ংকা চোপ্ৰা। অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ২০১৯ চনত ‘স্কাই ইজ পিংক’ ছবিত দেখা গৈছিল। ইয়াৰ পিছত হলিউডলৈ গৈ হিন্দী ছবিৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিছিল।
পাছে এতিয়া শেহতীয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰিয়ংকা চোপ্ৰা এতিয়া ৫ বছৰৰ পাছত বলীউডত কামবেকৰ বাবে সাজু হৈছে। বিশ্বব্যাপী খ্যাতিলাভ কৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘জী লে জাৰা’ৰ বিষয়েও এই ক্ষেত্ৰত ইংগিত দিছে।
এক সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোঁতে প্ৰিয়ংকা চোপ্ৰাই নিজৰ কামবেকৰ কথা কয়। অভিনেত্ৰীগৰাকীয়ে কয় যে ২০২৫ চনত বলীউডত পুনৰ উভতি অহাৰ কথা ঘোষণা কৰিবলৈ ওলাইছে।
দেশীগাৰ্লে লগতে ইয়াকো কয় যে, ‘মই ধেমালি কৰা নাই। বহু চলচ্চিত্ৰ নিৰ্মাতাক লগ পাওঁ আৰু চিত্ৰনাট্য পঢ়ো। এতিয়া তাৰেই মাজৰ হিন্দী ছবিৰ এখন চিত্ৰনাট্য পঢ়ি কাম কৰিব বিচাৰিছো। মই বৰ ব্যস্ত, কিন্তু ২০২৫ত অনুৰাগীৰ বাবে মোৰ এটা ছাৰপ্ৰাইজ আছে।
আলিয়া ভট্ট আৰু কেটৰিনা কাইফৰ সৈতে ‘জী লে জাৰা’ ছবিখনৰ আপডেট সন্দৰ্ভত সোধাত ‘দেশী গাৰ্ল’গৰাকীয়ে কয় যে তেওঁ এই সন্দৰ্ভত ফাৰহান আখতাৰৰ সৈতে কথা পাতিব লাগিব। উল্লেখ্য যে, ২০২১ চনত আলিয়া ভাট, কেটৰিনা কাইফ আৰু প্ৰিয়ংকা চোপ্ৰা অভিনীত ছবি ‘জী লে জাৰা’ৰ ঘোষণা হৈছিল। কিন্তু অজ্ঞাত কাৰণত এই ছবিখন পিছুৱাই দিয়া হৈছিল আৰু এতিয়ালৈকে ইয়াৰ সন্দৰ্ভত কোনো আপডেট হোৱা নাই।
এতিয়া প্ৰিয়ংকা চোপ্ৰাৰ ছবি ‘স্কাই ইজ পিংক’ৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীৰ এই ছবিখন ২০১৯ চনত ফাৰহান আখতাৰৰ সৈতে মুক্তি পাইছিল। এই ছবিখনে সমালোচকসকলে অতিশয় শলাগ লৈছিল। তেতিয়াৰ পৰাই প্ৰিয়ংকাই হলিউডৰ ছবিত সক্ৰিয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ