অসম লাইভ২৪ঃ ক্ৰিকেট অনুৰাগীসকলৰ নিচেই চিনাকী নামেই হৈছে শচীন তেণ্ডুলকাৰ। ভাৰতত যিসকলে ক্ৰিকেটক ধৰ্ম হিচাপে মানে তেওঁলোকৰ মনত শচীন ভগৱান। মাষ্টাৰ ব্লাষ্টাৰ শচীনৰ ৫১ তম জন্মদিনত লুটিয়াই চোৱা যাওক তেওঁৰ জীৱনৰ অজানা কিছু কথা।
টপিক-১
শচীনৰ ২০ বছৰীয়া ক্ৰিকেট যাত্ৰাৰ কথাবোৰ সকলোৱেই জানে। তেওঁ ক্ৰিকেটৰ ভগৱান হ’লেও তেজ মঙহৰ মানুহেই। সদায়ে হাঁহিমুখে থকা শচীনৰ আছে বিশেষ কিছু ঘটনা। ২০১১ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে মেচত মহেন্দ্ৰ সিং ধোনীয়ে যুৱৰাজ সিঙতকৈ আগতেই বেট ধৰিছিল। সেই সময়ত বহুতেই ভাৱিছিল এই সিদ্ধান্ত দলটোৰ অধিনায়ক ধোনীৰ। কিন্তু সেই সিদ্ধান্ত আছিল শচীন তেণ্ডুলকাৰৰ। শচীনে ছেহৱাগৰ জৰিয়তে ধোনীক কোৱাইছিল যে ধোনীয়ে আগতে বেট ধৰক। কিয়নো সেই সময়ত ৰুদ্ৰমূৰ্তী ধৰি আছিল মুথাইয়া মুৰলিধৰণে। সেই পৰিস্থিতিত যুৱৰাজক আগতেই বেট ধৰিবলৈ পঠিওৱাটো ভুল হ’ব। কেৱল সেয়াই নহয় শচীন অধিনায়ক নহ’লেও বহুবাৰ অধিনায়কৰ দলেই দলক সিদ্ধান্ত দিছিল শচীনে।
টপিক-২
২০১৪ চনত বিৰাট কোহলীয়ে যেতিয়া ইংলেণ্ডৰ পৰা উভতিছিল। তেতিয়া বিৰাট একেবাৰেই ভাঙি পৰিছিল। কিয়নো খেলত বেয়া ফৰ্মৰ বাবে সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈছিল বিৰাট। সেই খেলখনত অফ ষ্টাম্পৰ বাহিৰৰ বলত আউট হৈছিল বিৰাট। সেই সময়ত কোহলীক শচীনেই তুলি ধৰিছিল। বেটিং টেকনিকো শিকাই কোহলীক। শচীনে দিয়া কিটিপ মানি কোহলীয়ে মুম্বাইত জোৰদাৰ অনুশীলন চলায়। শচীনৰ উপস্থিতিতেই এই অনুশীলন চলে কোহলীৰ। তাৰপাছতেই বিৰাটে নতুন ফৰ্মত আত্মপ্ৰকাশ কৰে। বিৰাটে সফলতাৰ জখলা বগাবলৈ ধৰোতে নিজেই শচীনৰ এই সহায়ৰ কথা প্ৰকাশ কৰিছিল।
টপিক-৩
চাইকেল চলাবলৈ গৈ অজ্ঞান হৈ পৰিছিল শচীন। সদায়ে হাঁহি থকা শচীনক কান্দোনত ভাঙি পৰা কমেই দেখিছে মানুহে। ২০১২ চনত শচীনে হাতৰ বিষত ভূগিছিল। হাতত দুখ পাইছিল অদ্ভুত ধৰণে। ঘৰৰ পৰা ২ কিঃমিঃ দূৰত্বত অৱস্থিত চাৰ্ছলৈ যাওঁতে চাইকেলৰ পৰা বাগৰি পৰি আঘাত পায়। বন্ধুৰ সৈতে চাইকেল চলাবলৈ শিকিবলৈ গৈয়েই এই আঘাত পাইছিল শচীনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ