বিশ্বত্ৰাসী লাডেনৰ পৰিয়াল কিমান ডাঙৰ আছিল জানেনে, ৫২ ভাই-ভনী, ৬ পত্নী…
এসময়ত সমগ্ৰ বিশ্বৰ বাবে সন্ত্ৰাস সৃ্ষ্টি কৰ্তা আছিল ওছামা বিন লাডেন। সেই লাডেনেই আমেৰিকাত ২০০১ চনৰ ছেপ্টেম্বৰ মাহৰ ৯তাৰিখে আক্ৰমণ চলাই সকলোকে আতংকিত কৰি তুলিছিল। আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ টুইন টাৱাৰত কৰা আক্ৰমণত নিহত হৈছিল ২৯৯৬ গৰাকী লোক লগতে আহত হৈছিল বহু হাজাৰ লোক।
সেই লাডেনকেই আমেৰিকাই ২০১১ চনৰ ২ মে’ তাৰিখে এক বিশেষ অভিযানৰ অন্তত শেষ কৰিছিল। মৃত্যিৰ সময়ত এগৰাকী পত্নীৰ সৈতে আছিল লাডেন, পত্নীৰ সৈতেই নিহত হৈছিল।
বিশ্বত্ৰাসী সেই ওছামা বিন লাডেনৰ সম্পূৰ্ণ নাম আছিল ওছামা বিন মহম্মদ বিন আৱাদ বিন লাডেন। ১৯৫৭ চনৰ ১০ মাৰ্চত জন্মগ্ৰহণ কৰা লাডেন মূলতঃ ছৌদি আৰৱৰ। লাডেৰ ৫২ গৰাকী ভাই-ভনী আছিল। লাডেন আছিল তেওঁৰ পিতৃ-মাতৃৰ ১৭ সংখ্যক সন্তান।
লাডেনৰ পিতৃৰ চৌদি আৰৱত নিৰ্মাণ ব্যৱসায় আছিল আৰু সেই সময়ত তেওঁ আছিল চৌদি আৰৱৰ আটাইতকৈ ডাঙৰ নিৰ্মাণ ব্যৱসায়ী। লাডেনৰ পিতৃ ইমানেই ধনী আছিল যে সেই সময়তে ৮ কোটি ডলাৰ অৰ্থাৎ প্ৰায় সাত বিলিয়ন টকাৰ সম্পত্তিৰ অধিকাৰী আছিল।
শিক্ষাৰ ফালৰ পৰা ওছামা বিন লাডেন আৰম্ভণিৰে পৰাই পঢ়া-শুনাত বহুত ভাল আছিল। ১৯৭৯ চনত জেদ্দাৰ কিং আব্দুল আজিজ বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল। বিশ্ববিদ্যালয়ৰ পঢ়াৰ সময়তে উগ্ৰ মুছলমানসকলৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে লাডেনে।

বিবাহৰ ক্ষেত্ৰত বহু কেইবাৰ বিবাহৰ বান্ধোনত বান্ধ খাইছিল লাডেন। ১৯৭৪ চনত ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিয়া হৈছিল ওছামা বিন লাডেনে। লাডেনৰ প্ৰেম বিবাহ হৈছিল ছিৰিয়াৰ বাসিন্দা নাজৱা নামৰ এগৰাকীৰ সৈতে।
নাজৱাৰ সৈতে বহুতো সন্তান আছিল লাডেনৰ, নাম আছিল আব্দুল্লা, আব্দুল ৰহমান, সাদ, ওমৰ, উছমান, মহম্মদ, ফাতিমা, ইমান, লাদিন বাকিৰ, ৰুকায়া আৰু নূৰ। ৯/১১ৰ আক্ৰমণৰ পূৰ্বে লাডেন আৰু নাজৱা পৃথক হৈছিল।
১৯৮৩ চনত খাদিজাক বিয়া কৰাইছিল আৰু ১৯৯৫ চনত তেওঁলোকৰো বিবাহ বিচ্ছেদ হৈছিল। খাদিজাৰ সন্তানৰ নাম আছিল আলী, আমেৰ আৰু আলিছা।
১৯৮৫ চনত লাডেনে খাইৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০১১ চনত তেওঁৰ মৃত্যু হয়। খাইৰিয়াৰ হামজা নামৰ এটা সন্তান জন্ম হয়।
১৯৮৭ চনত বিন লাডেনে ছিহামৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিটা সন্তান জন্ম হয়। ১৯৯৬ চনত আন এগৰাকী মহিলাক বিয়া কৰাইছিল। ২০০০ চনত শেষবাৰৰ বাবে লাডেনে অমলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অমলৰ সৈতে সন্তান জন্ম পাই- ছাইফিয়া, আছিয়া, ইব্ৰাহিম, জৈনাব আৰু হুছেইন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















