বানপানীৰ কালসংহাৰী ৰূপ, প্ৰাণ হেৰুৱালে ৩০০ৰো অধিক লোকে
আফগানিস্তানত বানপানীৰ কালৰূপ। মৃত্যু হোৱা লোকৰ সংখ্যা ৩০০ অতিক্ৰম। আজি ১২ মে’ তাৰিখ দেওবাৰে ৱৰ্ড ফুড প্ৰগ্ৰেমে প্ৰকাশ কৰে এই তথ্য।
অস্বাভাৱিকভাৱে হোৱা বৰষুণৰ ফলত এই কৃতিম বানে এতিয়া দেশখনত সংহাৰী ৰূপ ধাৰণ কৰিছে। বহু লোকে হেৰুৱাইছে বাসস্থান। খাদ্যৰ সংকটতো পৰিছে বহু লোক।
ফলত এক বৃহৎ মানৱীয় সংকটে দেখা দিছে আফগান প্ৰদেশ বাদাখছান, ঘোৰ, বাঘলান, হেৰাটত ঠাইত। বানপানীৰ বাবে প্ৰায় ২০০০ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। জীৱিতসকলক খাদ্যৰ নামত কেৱল বিস্কুট বিতৰণ কৰা হৈছে।
বাঘলানৰ চাৰিখন জিলাত হোৱা ভয়াবহ বানপানীৰ পিছত কমেও ১৩০ জন লোকৰ মৃত্যু হৈছে, আৰু প্ৰায় ১০০ জন লোক আহত হৈছে। তদুপৰি বাঘলান প্ৰদেশৰ স্থানীয় বিষয়াসকলে কয় যে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভৱনা।
প্ৰদেশ খনৰ বিষয়াসকলে সদৰি কৰা মতে, বানপানীৰ ফলত হাজাৰৰো অধিক আৱাসিক ঘৰ, হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি, শ শ পশুধন আদিৰো ক্ষতি হৈছে বুলি প্ৰকাশ।
প্ৰদেশ খনৰ সঞ্চালক প্ৰধান ছালমা বেন আইছাই কয় যে, “এই শেহতীয়া বানপানীয়ে আফগানিস্তানত এক বৃহৎ মানৱীয় জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ