কেন্দ্ৰীয় জিএছটি বিভাগৰ এটা দলে পাণ মছলাৰ ব্যৱসায় কৰা দুই ভাতৃৰ বিচনাৰ তলৰ পৰা ৬.৩১ কোটি টকা উদ্ধাৰ কৰিছে৷ জিএছটি ফাঁকিৰে এই বৃহৎ পৰিমাণৰ ধন নিজ গৃহৰ বিচনাৰ তলত মজুত ৰাখিছিল দুই ভাতৃয়ে৷
কেন্দ্ৰীয় জিএছটি বিভাগৰ এটা দলে যোৱা ১২ এপ্ৰলিত উত্তৰ প্ৰদেশৰ দুই ভাতৃ জগত গুপ্তা আৰু প্ৰদীউ গুপ্তাৰ বাসগৃহত তালাচী চলাই এই বৃহৎ পৰিমাণৰ নগদ ধনখিনি উদ্ধাৰ কৰে৷ দলটোৱে ভাৰতীয় ষ্টেট বেংকৰ পৰা তিনিটা টকা গণনা কৰা মেচিন আনি উক্ত ধনখিনি গণি শেষ কৰে৷
দলটোৱে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ কাণপুৰৰ জগত গুপ্তা আৰু প্ৰদীপ গুপ্তাই পাণ মছলাৰ ব্যৱসায় কৰে৷ তেওঁলোকে কৰ জিএছটি ফাঁকি দি এই বৃহৎ পৰিমাণৰ ধনখিনি বিচনাৰ তলত লুকুৱাই ৰাখিছিল৷
লগতে পঢ়ক কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ
চিজিএছটি আয়ুক্ত সোমেশ তিৱাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিত জনায় যে দুয়োজন ভাতৃৰ ঘৰৰ পৰা ৬,৩১,১১,৮০০ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। গুপ্তা ভাতৃদ্বয়ৰ কাৰখানাৰ পৰা প্ৰায় ১৫.২ কুইণ্টল পাণ, ছয় বস্তা ধঁপাত, ৯৫ কিলোগ্ৰাম ওজনৰ পেকিং ৰোল, ১৩,৭০০ মোনা পাণ মছলা আৰু ৩৮,০০০ মোনা ধঁপাতো উদ্ধাৰ কৰা হয়।
বিভাগে গুপ্তা ভাতৃদ্বয়ৰ ঘৰৰ পৰা দুয়া মোবাইল আৰু এটা লেপটপো জব্দ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলিও প্ৰকাশ কৰিছে৷
লগতে পঢ়ক অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩
দলটোৱে গুপ্তা ভাতৃদ্বয়ৰ সম্পৰ্কীয় ক্ৰমে ৰামঅৱতাৰ গুপ্তা, মহাদেৱ গুপ্তাৰ বাসগৃহতো তালাচী চলায়৷
কেন্দ্ৰীয় জিএছটি দলটোৱে কাণপুৰৰ বিৰহানা ৰোডত অৱস্থিত প্ৰতিষ্ঠানটোৰ পৰামৰ্শদাতা কীৰ্তি শংকৰ ওৰফে শ্যামু শুক্লাৰ কাৰ্যালয়তো তালাচী চলায়। গুপ্তা ভাতৃদ্বয়ে কাণপুৰৰ নয়াগঞ্জৰ ব্যৱসায়ীসকলৰ পৰা কেঁচা সামগ্ৰী ক্ৰয় কৰি সামগ্ৰীবোৰ হামিৰপুৰ আৰু ইয়াৰ চাৰিওফালৰ গ্ৰাম্য অঞ্চলত বিক্ৰী কৰা আহিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ