অসহায় পাকিস্তান, ভাৰতৰ ভয়ত দেশ এৰি পলায়ন সেনা প্ৰধানৰ লগতে বহু শীৰ্ষ সেনাৰ পৰিয়ালৰ
পেহেলগামৰ আক্ৰমণৰ পিছত ভাৰতৰ আক্ৰমণাত্মক মনোভাৱৰ বাবে আতংকিত হৈ পৰিছে পাকিস্তান সেনা। পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আশীম মুনিৰে তেখেতৰ পৰিয়ালক দেশৰ পৰা বাহিৰলৈ নিৰাপদে উলিয়াই পঠিয়াইছে। সূত্ৰ অনুসৰি পাকিস্তান সেনা প্ৰধানৰ লগতে সেনাৰ বহু বিষয়াই ব্যক্তিগত বিমানেৰে নিজৰ পৰিয়ালক ব্ৰিটেইন আৰু নিউ জাৰ্চিলৈ প্ৰেৰণ কৰিছে।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰত ভাৰতে বৃহস্পতিবাৰ ২৪ এপ্ৰিল তাৰিখে যুদ্ধজাহাজ আই এন এছ চুৰাটৰ পৰা ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি আৰব সাগৰত শত্ৰুপক্ষক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছিল।
যেতিয়া পাকিস্তানে আৰব সাগৰত ফায়াৰিং ড্ৰিল আৰম্ভ কৰিছিল, তেতিয়া ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় নৌসেনাই বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তক সাগৰত অৱতৰণ কৰিছিল। আই এন এছ বিক্ৰান্তত মোতায়েন কৰা হৈছে মিগ-২৯কে যুঁজাৰু বিমান আৰু আক্ৰমণাত্মক হেলিকপ্টাৰ।
ইফালে ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে শুকুৰবাৰে ২৫ এপ্ৰিল তাৰিখে পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ শ্ৰীনগৰত উপস্থিত হয়। এই সময়ছোৱাত আৰ্মী নৰ্দাৰ্ণ কমাণ্ড কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰো আৰ্মী প্ৰধানৰ লগত আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















