ভয়ংকৰ দুৰ্ঘটনা, বাছ বাগৰি মৃত্যুক সাৱটিলে ২৮গৰাকী লোকে, ২২ গৰাকী আহত
ভয়ংকৰ তথা অতিকে শোকাৱহ দুৰ্ঘটনা, যি দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ২৮ গৰাকীকৈ লোকে। ইয়াৰ উপৰিও অন্য ২২ গৰাকী লোক গুৰুতৰভাৱে আহত।
ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। দেশখনৰ দুৰ্গম বেলুচিস্তান প্ৰদেশত বুধবাৰে তীব্ৰ বেগেৰে গৈ থকা এখন যাত্ৰীবাহী বাছ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত মহিলা আৰু শিশুসহ কমেও ২৮ জন লোকৰ মৃত্যু হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বাছখন তীব্ৰবেগে কুৱেটলৈ গৈ আছিল। যাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৱাশ্বুক চহৰৰ সমীপত এক দ’ খাৱৈত বাগৰি পৰে বাছখন।
উদ্ধাৰকাৰী বিষয়াৰ উদ্ধৃতি দি আন এক সংবাদ মাধ্যমৰ প্ৰকাশিত বাতৰি অনুসৰি, যাত্ৰীবাহী বাছখনৰ টায়াৰ ফাটি যোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে।
দুৰ্ঘটনাটোত থিতাতে ২৮ জন লোকৰ মৃত্যু হয়। প্ৰায় ২২ জন লোক আহত হয়। আহত সকলক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি বাছিমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ