মদিনাৰ মছজিদ-ই-নবাৱীত অভাৱনীয় পৰিস্থিতি৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে মদিনাৰ মছজিদ-ই-নবাৱীত ‘চোৰ-চোৰ-চোৰ’ শ্ল’গান উচ্চাৰণ কৰা দেখা গৈছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতিনিধি দলৰ সৈতে তিনিদিনীয়া চৰকাৰী ভ্ৰমণত ছৌদি আৰৱত উপস্থিত হৈছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত শ শ লোকে ‘চোৰ চোৰ’ বুলি চিঞৰি আছে। যেতিয়া প্ৰতিনিধি দলটোক মছজিদ-ই-নবাৱীলৈ অহা দেখা গৈছিল তেতিয়াই শ্ল’গানবোৰ উচ্চাৰিত কৰা হৈছিল। ANIৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে শ্লোগান, চিঞৰ-বাখৰ কৰাসকলক আটক কৰিছে।
ANIয়ে শ্বেয়াৰ কৰা ভিডিঅ’ত তথ্যমন্ত্ৰী মৰিয়ম ঔৰংগজেৱ আৰু নেচনেল এছেম্বলীৰ সদস্য শ্বাহজেন বুগটীক আনসকলৰ সৈতে দেখা গৈছিল। ঔৰংগজেৱে এই প্ৰতিবাদৰ বাবে পৰোক্ষভাৱে ইমৰান খানক দোষাৰোপ কৰিছে।
‘দ্য এক্সপ্ৰেছ ট্ৰিবিউনে’ ঔৰংগজেৱৰ উদ্ধৃতি দি কয়, “মই এই পবিত্ৰ ভূমিত এই ব্যক্তিজনৰ নাম নলওঁ৷ মই এই ভূমি ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিব নিবিচাৰো। কিন্তু তেওঁলোকে সমাজধ্বংস কৰিছে।”
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ তেওঁৰ প্ৰথম তিনিদিনীয়া চৰকাৰী ছৌদি আৰৱ ভ্ৰমণলৈ আহিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণত ডজন ডজন বিষয়া আৰু ৰাজনৈতিক নেতা তেওঁৰ সৈতে গৈছিল।
টুইটাৰযোগে ঘটনা সন্দৰ্ভত ভিডিঅ’টো শ্বেয়াৰ কৰি এজনে লিখিছে, ‘গৌৰৱান্বিত পাকিস্তানীসকল, অনুগ্ৰহ কৰি আমাৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পাকিস্তান গণতান্ত্ৰিক আন্দোলনৰ অপৰাধী দলটোক ছৌদি আৰৱত ইমান ডাঙৰ আদৰণি জনোৱা দেখি সুখী হওঁক।’
শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী অলপতে সলনি হৈছে। ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল ইমৰান খান, কিন্তু তেওঁ নেচনেল এছেম্বলীত তেওঁৰ চৰকাৰৰ বাবে আস্থাৰ ভোট লাভ কৰিব নোৱাৰিলে, যাৰ বাবে তেওঁ প্ৰত্যাহাৰ কৰিব লগা হৈছিল প্ৰধানমন্ত্ৰীৰ পদটো আৰু এতিয়া বৰ্তমানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ