অসম লাইভ২৪ঃ সামুদ্ৰিক শাস্ত্ৰ বা সমুদ্ৰশাস্ত্ৰ হৈছে বৈদিক জ্যোতিষৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। সমুদ্ৰশাস্ত্ৰ অনুসৰি আমাৰ শৰীৰৰ গঠন আৰু শৰীৰৰ বিভিন্ন অংশত থকা নানান চিহ্ন চাই জাতকৰ চৰিত্ৰ সম্পৰ্কে ধাৰণা কৰিব পাৰি। ভাগ্য গণনাও এই চিহ্ন চায়েই কৰিব পাৰিব। আঙুলিত থকা কোনসমূহ চিহ্নৰ দ্বাৰা ব্যক্তিৰ ভাগ্য সম্পৰ্কে ক’ব পাৰি? জানি থওক সবিশেষ।
হাতৰ আঙুলিত বহুতৰে চক্ৰ থাকে। পূৰ্ব জন্মত কোনো ভাল কাম কৰি আহিলে এই চিহ্ন ব্যক্তিৰ আঙুলিত থাকে। কাৰণ যিসকলৰ হাতত এই চক্ৰ থাকে তেওঁলোক অত্যন্ত সৌভাগ্যশালী হয়। তেওঁলোকৰ ভাগ্যত ৰাজসুখ থাকে। পূৰ্বজন্মৰ পূণ্যফলতহে আঙুলিত চক্ৰ দেখা যায়। কেইবাটাও জন্মৰ পূণ্যফল থাকিলে ব্যক্তিৰ জীৱন সুখকৰ হয়।
আঙুলিত থকা চক্ৰ প্ৰকৃততে কি?
হস্তৰেখা শাস্ত্ৰ অনুসৰি হাতৰ পতা বা আঙুলি উভয় স্থানত চক্ৰ থাকিলে অত্যন্ত শুভ। হাতৰ কৰোবাত চক্ৰ থাকিলে তাৰ ওপৰত ব্যক্তিৰ ভাগ্য নিৰ্ভৰ কৰে।
যিসকলৰ ব্যক্তিৰ আঙুলি বা হাতত এটা চক্ৰ থাকে তেওঁ অত্যন্ত বুদ্ধিমান হয়। নিজৰ বুদ্ধিৰ জোৰত তেওঁলোকে সাফল্য পায়।
হাতত দুটাকৈ চক্ৰ চিহ্ন থাকিলে সেই ব্যক্তি নানান প্ৰতিভাৰ অধিকাৰী হয়।
যাৰ হাতত তিনিটা চক্ৰ থাকে তেনে ব্যক্তি অত্যন্ত সৌভাগ্যশালী হয়। তেওঁলোকে যি কামতেই হাতত দিয়ে তাতেই সফলতা লাভ কৰে।
হাতত দুটা চক্ৰ থাকিলে সেই ব্যক্তি নানান প্ৰতিভাৰ অধিকাৰী হয়।
সিসকলৰ হাতত তিনিটা চক্ৰ থাকে, তেওঁলোক অত্যন্ত সৌভাগ্যশালী। তেওঁলোকে যিকামতেই হাত দিয়ে তাতেই সফলতা পায়।
হাতত চাৰিটা তক্ৰ থাকিলে কিন্তু শুভ নহয়। যিসকলৰ হাতত চাৰিটা চক্ৰ থাকে তেওঁলোকৰ জীৱনলৈ নানান সমস্যা আহে।
হাতত ৫টা চক্ৰ থকা ব্যক্তিয়ে সাহিত্যৰ দিশত সুনাম অৰ্জন কৰে।
যাৰ হাতত ৬টা চক্ৰ থাকে তেঁওলোক অতি বুদ্ধিমান আৰু সাহসী।
হাতত ৭টা চক্ৰ থকা ব্যক্তিৰ জীৱন আনন্দময় হয়।
হাতত ৮টা চক্ৰ থকা ব্যক্তিয়ে নানান স্বাস্থ্যজনিত সমস্যাত ভূগি থাকে।
৯টা চক্ৰ থকা ব্যক্তি অত্যন্ত ধনী হয়।
মুঠ ১০টা চক্ৰ থাকিলে সেই ব্যক্তিয়ে জীৱনত সকলো সুখ লাভ কৰি ৰজাৰ দৰে জীৱন কটায়।
চক্ৰটো হাতৰ কোন স্থানত আছে?
চক্ৰ হাতৰ কোন স্থানত আছে তাৰ ওপৰতো বহু কথাই নিৰ্ভৰ কৰে।
আঙুলিৰ একেবাৰে মূৰত চক্ৰ থাকিলে সেই ব্যক্তি ধনী আৰু সৌভাগ্যশালী হয়।
বুঢ়া আঙুলিত চক্ৰ থাকিলে তেনে ব্যক্তি সম্পদশালী, প্ৰভাৱশালী আৰু বুদ্ধিমান ব্যক্তি।
তৰ্জনীত চক্ৰ থাকিলে সেই জাতক ধনী আৰু বন্ধুৰ সাহায্যও লাভ কৰে।
মধ্যমা আঙুলিত যদি চক্ৰ থাকে তেন্তে তেনে জাতক ধনী হ’লেও কৃপণ স্বভাৱৰ হয়।
অনামিকা আঙুলিত যদি চক্ৰ থাকে তেন্তে সেই ব্যক্তি সৌভাগ্যশালী। ব্যৱসায়েৰেই তেওঁলোকে অৰ্থ উপাৰ্জন কৰে।
কেঙা আঙুলিত যদি চক্ৰ থাকে তেনে ব্যক্তিয়ে ৰাজনীতিত সফলতা লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ