১৭ জানুৱাৰীৰ পৰা অত্যন্ত বিৰল শুভ যোগ গঠিত হৈছে৷ মকৰ ৰাশিত আজি বুধৰ গোচৰৰ ফলত একাধিক ৰাজযোগ গঠিত হৈছে৷ বৰ্তমান মকৰ ৰাশিত আছে সূৰ্য, শুক্ৰ, মঙ্গল আৰু বুধ৷ সূৰ্য আৰু বুধৰ যুঁটিত গঠিত হৈছে বুধাদিত্য ৰাজযোগ৷ বুধ আৰু শুক্ৰৰ যুঁটিত গঠিত হৈছে লক্ষ্মী নাৰায়ণ ৰাজযোগ আৰু মকৰ ৰাশিত মঙ্গলৰ গোচৰৰ ফলত গঠিত হৈছে পঞ্চমহাপুৰুষ ৰাজযোগ৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত শনিৰ চাৰে সাতি দশাৰ অশুভ প্ৰভাৱ বহু পৰিমাণে খৰ্ব হব৷ জ্যোতিষ গণনাই কৈছে যে সকলো ৰাশিতে শনিৰ চাৰে সাতি দশা চলিছে৷ সেই সমূহ ৰাশিৰ জাতকে প্ৰচুৰ উন্নতি কৰিব পাৰিব৷
মেষ ৰাশি
মেষ ৰাশিৰ দশম ঘৰত পঞ্চমহাপুৰুষ ৰাজযোগ গঠিত হৈছে৷ এই সময়ত আপুনি কৰ্মক্ষেত্ৰত থকা প্ৰেচাৰৰ পৰা মুক্তি পাব৷ যিসমূহ সমস্যা আপুনি বহু দিন ধৰি ভুগি আছিল এইবাৰ সেইসমূহৰ পৰা ৰেহাই পাব৷ অফিচত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ সমাজত জনপ্ৰিয়তা বাঢ়িব৷ চৰকাৰী কামতো সাফল্য পাব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ দ্বাদশ ঘৰত পঞ্চমহাপুৰুষ ৰাজযোগ গঠিত হব৷ এই সময়ত আপুনি ধৰ্মীয় কামত অৰ্থব্যয় কৰিব৷ শনিৰ চাৰে সাতিৰ প্ৰভাৱ সত্ত্বেও মনত আনন্দ থাকিব৷ বিলাসিতাৰে সময় কটাব৷ তীৰ্থযাত্ৰা কৰিব পাৰে৷ মনত শান্তি থাকিব৷ নতুন বাহন কিনিব পাৰে৷
মীন ৰাশি
মীন ৰাশিতেই এতিয়া অৱস্থান কৰিছে শনিয়ে৷ ফলত শনিৰ চাৰে সাতিৰ সকলোতকৈ কঠিন দশা চলিছে মীন ৰাশিত৷ মীন ৰাশিৰ একাদশ ঘৰত গঠিত হোৱা পঞ্চমহাপুৰুষ ৰাজযোগত বিশেষ শুভ ফল পাব এই ৰাশিৰ জাতকে৷ সম্পদ লাভ হব৷ মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হব পাৰে৷ বন্ধুৰ সহায় পাব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















