আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ
আজি ২ মে’ শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।বিয়লি ৪:৩০ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনে আজিৰ পৰ্যায়ত সামৰি লৈছে ১৪ খন জিলা। অহা ৭মে’ তাৰিখে অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
আজিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত। এই ১৪ জিলাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি লৈছে জিলা পৰিষদৰ ২১৬খন আসন।
এই ২১৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৫৬০ গৰাকী প্ৰাৰ্থীয়ে। মুঠ ভোটাৰৰ সংখ্যা ৮৯,৬০,৫৭৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৬৪ গৰাকী বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, এইবাৰ বেলট পেপাৰত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচন। ইয়াৰোপৰি কোনো প্ৰাৰ্থীৰ নাথাকে দলীয় প্ৰতীক। ইমানেই নহয়, এইবাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত নহয়। যিসকল প্ৰাৰ্থীয়ে সদস্য পদত নিৰ্বাচিত হয় সেইসকলৰ মাজৰ পৰা নিৰ্বাচিত হ’ব সভাপতি।
আজি পুৱা পুৱা ১০-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰ জিলা অনুসৰি-
তিনিচুকীয়া – ২৫.৩৭ শতাংশ
ডিব্ৰুগড়- ২৪.৪৫ শতাংশ
শিৱসাগৰ- ২৫.৩১ শতাংশ
চৰাইদেউ- ২৪.৪৬ শতাংশ
যোৰহাট- ২৫.৪১ শতাংশ
মাজুলী- ২৬. ০৫ শতাংশ
গোলাঘাট- ২৪.৬০ শতাংশ
বিশ্বনাথ- ২৫. ৯৩ শতাংশ
শোণিতপুৰ- ২৫.৮৬ শতাংশ
লখিমপুৰ- ২৫.৭১ শতাংশ
ধেমাজি- ২৫.২৩ শতাংশ
কাছাৰ- ২৬. ০৫ শতাংশ
শ্ৰীভূমি- ২৫. ৭৩ শতাংশ
হাইলাকান্দি- ২৫.৩১ শতাংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















