অসম লাইভ২৪ঃ মাজত কেইটামান মাহ। চলিত বৰ্ষতেই বিবাহপাশত আৱদ্ধ হ’ব পৰিণীতি চোপ্ৰা আৰু সাংসদ ৰাঘৱ চাড্ডা। বিবাহক লৈ খুবেই ব্যস্ত দুয়োটা পৰিয়াল। কামৰ মাজে মাজে কিন্তু ফুৰিবলৈকো আৰম্ভ কৰিছে দুয়োৱে। শেহতীয়াভাৱে দুয়োকে দেখা গৈছে পঞ্জাৱত। পঞ্জাৱক স্বৰ্ণমন্দিৰত দেখা গৈছে ৰাঘৱ-পৰিণীতিক।
বিবাহৰ সমস্ত আয়োজনত দুয়োৱে নিজেই তদাৰক কৰিছে। সন্মুখত যিহেতু শুভ কাম সেয়ে ভাৱী স্বামী ৰাঘৱৰ সৈতে ভগৱানৰ আশীৰ্বাদ বিচাৰি স্বৰ্ণমন্দিৰত উপস্থিত হৈছে দুয়ো।
স্বৰ্ণমন্দিৰত ৰাঘৱ পৰিণীতি যোৱা ভিডিঅ’ ভাইৰেল হোৱা মাত্ৰকেই আৰম্ভ হৈছে চৰ্চা। একেবাৰেই অন্যৰূপত দেখা গৈছে পৰিণীতিক। বগা চেলোৱাৰ পৰিহিতা পৰিণীতাই মুৰত বগা চুৰ্ণী লৈ বাচন ধুই থকা দেখা গৈছে ভাইৰেল ভিডিঅ’ত। অন্যহাতে সাংসদ ৰাঘৱকো দেখা গৈছে বগা কূৰ্তা পাইজামাত। মুৰ ঢাকি আছিল গেৰুৱা কাপোৰেৰে। পৰিণীতিৰ সৈতে ৰাঘৱেও বাচন ধুই থকা দেখা গৈছে ভিডিঅ’টোত। শিখ নিয়ম অনুসাৰে লঙ্গৰত সেৱা কৰিলেই পুণ্য অৰ্জন হয় বুলি বহুতৰেই বিশ্বাস। নায়িকা অথৱা সাংসদ সকলোৱেই তাত সাধাৰণ মানুহেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ