পৰকীয়া প্ৰেমৰ বিষয়ে বিতৰ্ক আৰু চৰ্চাৰ কোনো শেষ নাই। মানুহে মুখে মুখে পৰকীয়া প্ৰেমক নিন্দা কৰিলেও ভাৰতীয় আইনে পৰকীয়া প্ৰেমক অবৈধ বুলি গণ্য নকৰে৷ অৰ্থাৎ পৰকীয়া প্ৰেম নৈতিকতাৰ দৃষ্টিৰে শুদ্ধ নহ’লে আইনী দৃষ্টিৰে অপৰাধ নহয়৷
এতিয়া প্ৰশ্ন হ’ল পৰকীয়া প্ৰেম মানে কি? এই প্ৰেম কোনে কৰে?
ইয়াৰ উত্তৰ হৈছে, একেটাই৷ বিবাহ বৰ্হিভূত সম্পৰ্কই পৰকীয়া প্ৰেম৷ বিবাহিত লোকেই পৰকীয়া প্ৰেম কৰে৷ অৰ্থাৎ বিবাহিত কোনো পুৰুষ বা মহিলাই কোনো তৃতীয় ব্যক্তিৰ সৈতে গঢ়ি তোলা প্ৰেমৰ সম্পৰ্কই হৈছে পৰকীয়া প্ৰেম৷
লগতে পঢ়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব CUET, কি এই CUET?
স্পেইনৰ এখন বিশ্ববিদ্যালয়ৰ এটা অধ্যয়নত কোনবোৰ লোকে পৰকীয়া প্ৰেমত প্ৰবৃত্ত হয় তাৰ ব্যাখ্যা আগবঢ়াইছে৷
ক’ৰণা নামৰ বিশ্বিবিদ্যালয়খনৰ এটা গৱেষক দলে কৰা গৱেষণাত পৰকীয়া প্ৰেমৰ ওপৰত অধ্যয়ন কৰি কোৱা হৈছে যে যিসকল লোকৰ ‘নাৰ্চিচিজম’ থাকে তেওঁলোকৰ পৰকীয়া প্ৰেমৰ প্ৰৱণতা অধিক৷ সাধাৰণতে আত্মশ্লাঘা, আত্ম-গৌৰৱৰ প্ৰবৃত্ত আৰু আনৰ প্ৰতি সহানুভূতি অভাৱ হোৱা মানুহকে নাৰ্চিচিজম থকা লোক বুলি কোৱা হয়৷
লগতে পঢ়ক ‘‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰিছে’’
গৱেষক মিগুৱেল ক্লিমেণ্টে কয়, ‘‘অন্ধকাৰ ব্যক্তিত্বৰ লোকৰ হ্ৰস্বম্যাদী সম্পৰ্ক স্থাপন কৰিব পাৰে৷ পুৰুষৰ ক্ষেত্ৰত এই প্ৰৱণতা সচাৰচৰ অধিক হোৱা পৰিলক্ষিত হয়৷’’
গৱেষকৰ দলটোৱে ১৮ৰপৰা ২৫ বছৰীয়া ৩০৮ গৰাকী লোকৰ মাজত এই অধ্যয়ন চলাইছিল৷ ইয়াৰ মাজত ৭৮.৩% মহিলা আৰু ১২.২% পুৰুষ আছিল৷
অৱশ্যে মনোবিজ্ঞানৰ গৱেষণা অতি জটিল বিষয়৷ গতিকে এনে জৰীপেৰে প্ৰকাশ কৰা মতামত গ্ৰহণ কৰাটোও সমাজৰ পক্ষে অলপ জটিল বুলিয়ে ভাবিব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ