বলীউডৰ অভিনেতা ৰণবীৰ সিঙে কিছুদিন পূৰ্বে আলোচনীৰ বাবে এটা নগ্ন ফটোশ্বুট কৰি দেশত বিতৰ্কৰ সূচনা কৰিছিল৷ অৱশ্যে ই কেৱল বিতৰ্কতে সীমাৱদ্ধ হৈ থকা নাছিল, মুম্বাইৰ কে’বাখনো আৰক্ষী থানাত ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ আনকি ৰণবীৰ সিঙক কটু সমালোচনা কৰি বিভিন্ন চহৰত প্ৰতিবাদী সমদলো উলিওৱা হৈছিল৷
এই বিতৰ্কই দেশৰ আৱহাৱা গৰম কৰিলেও অদ্যপি অভিনেতা ৰণবীৰ সিঙে কোনো প্ৰতিক্ৰিয়া অথবা স্পষ্টীকৰণ দিয়াৰ পৰা বিৰত থাকি মৌন হৈয়ে আছে৷ কিন্তু ইয়াৰ মাজতে এতিয়া ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফটোশ্বুট কৰাৰ অফাৰ পাইছে। এইবাৰ এই ফটোশ্বুট কোনো আলোচনীৰ বাবে নহয় এটা সংস্থাইহে এই অফাৰ আগবঢ়াইছে।
People for the Ethical Treatment of Animal চমুকৈ PETAএ ৰণবীৰ সিঙক নগ্ন ফটোশ্বুটৰ প্ৰস্তাৱ দিছে। PETAএ ৰণবীৰ সিঙৰ বাবে এটা নগ্ন ফটোশ্বুট কৰিবলৈ অনুৰোধ জনাই এখন পত্ৰ লিখিছে।
লগতে পঢ়ক কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?
PETAৰ এই চিঠিখনো এতিয়া ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। এই চিঠিখনত লিখা হৈছে ‘আশাকৰোঁ আপুনিও আমাৰ বাবে পেণ্টটো খুলি দিব’৷ সহজ ভাষাত PETAএ ৰণবীৰক অনুৰোধ কৰিছে যে তেওঁ পেপাৰ আলোচনীৰ বাবে কৰা একেটা নগ্ন ফটোশ্বুট তেওঁলোকৰ বাবেও আকৌ এবাৰ কৰক।
চিঠিখনত লিখা আছে, ‘‘PETAৰ পৰা আপোনাক শুভেচ্ছা জনাইছো। পেপাৰ আলোচনীৰ বাবে আপোনাৰ ফটোশ্বুট কৰা আমি দেখিলোঁ। আশাকৰোঁ আমাৰ বাবে আপোনাৰ পেন্ট খুলি উলংগ হ’ব। জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমক প্ৰসাৰিত কৰিবলৈ PETAৰ বাবে আপুনি নগ্ন হ’বনে?’’
অৱশ্যে PETAএ ক মহৎ উদ্দেশ্যৰ বাবেহে ৰণবীৰ সিঙক নগ্নফ’টোশ্বুটৰ বাবে আহ্বান জনাইছে৷ PETA জীৱ-জন্তু সুৰক্ষা আৰু আমিষ আহাৰৰ পৰিবৰ্তে নিৰামিষ আহাৰৰ প্ৰচাৰৰ বাবেহে ৰণবীৰক এই আহ্বান জনাইছে৷
লগতে পঢ়ক মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?
PETAএ লগতে আৰু লিখিছে, ‘‘ইয়াৰ টেগলাইন হ’ব ‘সকলো প্ৰাণীৰ অংশ একে’। উদাহৰণস্বৰূপে আমি পামেলা এণ্ডাৰছনৰ এখন ফটো সংলগ্ন কৰিছো।’’
চিঠিত এটা বাতৰিৰ উদ্ধৃতি দি PETAএ কৈছে যে কেনেকৈ জীৱ-জন্তুবোৰ মাকৰ পৰা কাঢ়ি লৈ যায় আৰু কেনেকৈ পিঞ্জৰাত ৰখা হয়। এতিয়া PETAৰ এই আহ্বান গ্ৰহণ কৰি ৰণবীৰ সিঙে আকৌ এবাৰ নগ্ন ফ’টোশ্বুট কৰিব নে নকৰে সেয়া লক্ষণীয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ