বিয়া কৰাই ধনী হ’ল এজন যুৱক৷ বিবাহ উপলক্ষ্যে পাত্ৰক মুঠ ১৬ কোটি টকাৰ যৌতুক দিলে পাত্ৰীৰ পৰিয়ালে৷ উপহাৰৰ তালিকাত কি কি আছে? বিবাহৰ অনুষ্ঠানত মাইকেৰে ঘোষণা কৰা হৈছে যৌতুকত দিয়া সামগ্ৰীৰ সবিশেষ৷ সম্প্ৰতি বিবাহৰ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত৷
ছচিয়েল মিডিয়াত প্ৰায়েই ভাইৰেল হয় বিবাহৰ বিভিন্ন অদ্ভুত কাণ্ড-কাৰখানাৰ ভিডিঅ আৰু ছবি৷ কেতিয়াবা নাচগানৰ, কেতিয়াবা আচাৰ অনুষ্ঠানৰ৷ বৰ্তমান তেনে এক ভিডিঅ’ক লৈ জোৰদাৰ চৰ্চা চলিছে৷ তাতেই দেখা গৈছে বিবাহৰ অনুষ্ঠানত সৰ্বসমক্ষে কোটি কোটি টকাৰ যৌতুক দিয়া হৈছে পাত্ৰক৷ পাত্ৰক মাজত বহুৱাই পৰিয়ালৰ সদস্যই দি গৈছে এটা এটাকৈ উপহাৰ৷ উপহাৰ ঘোষণা কৰি থকা হৈছে মাইকত৷ প্ৰতিটো উপহাৰ প্ৰদানৰ পাছতেই জাউৰিয়ে জাউৰিয়ে বাজিছে হাতচাপৰি৷
যৌতুকৰ তালিকাত কি কি আছে?
খবৰ অনুসৰি পাত্ৰক সোণৰ গহনা, তিনি কিঃগ্ৰাঃ ৰূপ, এটা পেট্ৰল পাম্প, ২১৯ বিঘা মাটি আৰু কেইবা কোটি টকা যৌতুক হিচাপে দিয়া হৈছে৷ সকলো মিলি ১৫ কোটি ৬৫ লাখ টকা উপহাৰ তেওঁ লাভ কৰিছে৷ সকলোবোৰ পাত্ৰীৰ পৰিয়ালৰ পৰা পাত্ৰক দিয়া হৈছে৷
এই ভিডিঅ’টো ইতিমধ্যেই ১৯ লাখ মানুহে চাইছে৷ নেটিজেনেও ক্ষোভ প্ৰকাশ কৰিছে এই ভিডিঅ’ত৷ এজনে লিখিছে, এই যৌতুকৰ নামত আদান প্ৰদান বন্ধ হওক৷ আৰু এগৰাকী নেটিজেনে লিখিছে, ইমান উপহাৰ লোৱাটো লজ্জাৰ কথা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















