ATMৰ পৰাই প্ৰভিডেণ্ট ফাণ্ডৰ ধন উঠাব পাৰিব আপুনি৷ এই ঘোষণা কেইবামাহ পূৰ্বেই কৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ে৷ কিন্তু কেতিয়াৰে পৰা আৰম্ভ হব এই প্ৰক্ৰিয়া সেই বিষয়টোক লৈ বহুতৰে মনত প্ৰশ্ন আছিল৷ শেহতীয়াকৈ শ্ৰম মন্ত্ৰণালয়ৰ সূত্ৰৰ পৰা জনা গৈছে যে আগন্তুক জুন মাহৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী হব৷
জুনৰ পাছতেই সমস্ত সদস্যসকলে এখন বিশেষ উইথড্ৰয়েল কাৰ্ড দিব এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্ব্যনে৷ সেইসমূহ দেখিবলৈ অবিকল এটিএম কাৰ্ডৰ দৰেই৷ এই কাৰ্ডেৰেই সদস্যসকলে যিকোনো সময়ত এটিএমৰ পৰা পিএফ একাউণ্টৰ ধন তুলি আনিব পাৰে৷
ইতিমধ্যেই আই টি চিষ্টেমৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে ইপিএফঅয়ে৷ যাতে নতুন পৰিসেৱা পোৱাত কৰ্মীসকলৰ কোনো সমস্যা নহয়৷ তাৰবাবে এই সিদ্ধান্ত লৈছে শ্ৰম উন্নয়ণ বিভাগে৷ প্ৰত্যেক লেনদেনত কিমান টকা তুলিব পাৰিব সেই টকা তোলাৰ মুঠ সীমা কিমান হব সেয়া অৱশ্যে এতিয়াও জনোৱা হোৱা নাই৷
প্ৰভিডেণ্ট ফাণ্ডৰ টকা হাতত সময় লাগিব পাৰে৷ প্ৰক্ৰিয়াটো অৱশ্যে জটিল৷ EPFO ATM কাৰ্ড আৰম্ভ হলে সমগ্ৰ প্ৰক্ৰিয়াটোৱেই সহজ হৈ পৰিব৷ গ্ৰাহকে আৰু ৱেবচাইটত আবেদন কৰি বহি থাকিব নালাগে৷ যিকোনো সময়তেই নিজৰ সুবিধা অনুসৰি এই টকা উঠাই লব পাৰে৷ ফলত সময়ো কিছু বাচিব কৰ্মচাৰীৰ৷
যিসকলৰ কৰ্মচাৰীৰ পি এফ একাউণ্ট আছে তেওঁলোকক প্ৰত্যেককেই এই উইথড্ৰয়েল কাৰ্ড দিয়া হব৷ জুনৰ পাছতেই এই কাৰ্ড ইছ্যু কৰিব ইপিএফঅই৷ এটিএমৰ পৰা পি এফৰ একাউণ্টৰ ৫০শতাংশ টকা তুলিব পাৰিব কৰ্মীয়ে৷ কৰ্মীসকলে আৰু পিএফৰ টকা পোৱাৰ বাবে বহি থাকিব নালাগে৷ দাবী নিষ্পত্তি হৈ গলে নিজৰ টকা এটিএমৰ পৰা তোলাৰ সুবিধা পোৱা যাব৷ ২০২৫ চনৰ জুন মাহৰ পৰা এই পৰিসেৱা আৰম্ভ হোৱাৰ কথা আছে৷ অৱশ্যে ইয়াৰ আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ